জাতীয় পতাকাৰ জন্মদিন ২২/০৭/১৯৪৭

#২২জুলাই
ত্ৰিৰংগাৰ জন্মদিন...
         সোঁমাজত ২৪ ডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত গগণচুম্বী থকা পতাকা খনেই আমাৰ ভাৰতৰ গৌৰৱময় জাতীয় পতাকা।
          ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত ইয়ে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে "ত্ৰিৰঙ্গা" বা "ত্ৰিবৰ্ণৰঞ্জিত পতাকা" বোলা হয়।
" পিঙ্গলি ভেংকয়া "ৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ "স্বৰাজ" পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল।

⛔ ভাৰতীয় জাতীয় পতাকা বিধিঃ
         ২০০২ চনৰ পূৰ্বাবধি ভাৰতৰ সাধাৰণ নাগৰিকসকল জাতীয় ছুটিৰ দিনবিলাকৰ বাহিৰে অন্য সময়ত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী নাছিল। শিল্পপতি নবীন জিন্দালে পতাকাবিধি ভঙ্গ কৰি তেওঁৰ কাৰ্য্যালয় ভৱনৰ শীৰ্ষত জাতীয় পতাকা উত্তোলন কৰাত পতাকাখন বাজেয়াপ্ত কৰা হয় আৰু তেওঁক সতৰ্ক কৰি দিয়া হয় যে এই ধৰণৰ বিধি ভঙ্গ কৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যবস্থা লোৱা হ’ব পাৰে। জিন্দালে দিল্লী উচ্চতম ন্যায়ালয় এখন জনস্বাৰ্থ মামলা দাখিল কৰে। তেওঁৰ বক্তব্য আছিল, পূৰ্ণ মৰ্যাদা আৰু যথাযথ ব্যবহাৰবিধি অনুসৰণ কৰি জাতীয় পতাকা উত্তোলন তেওঁৰ নাগৰিক অধিকাৰত পৰে; কাৰণ এই দেশৰ প্ৰতি তেওঁৰ ভালপোৱা ব্যক্ত কৰাৰ এইটো এটা উপায়। বিষয়টো দিল্লী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হ’লত সৰ্বোচ্চ আদালতে ভাৰত চৰকাৰক এই বিষয়টো পৰ্যালোচনাৰ বাবে এখন কমিটি স্থাপনৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেটে জাতীয় পতাকাবিধি সংস্কাৰ কৰে আৰু ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা সংশোধিত বিধি আৰম্ভ হয়। এই নতুন পতাকাবিধি অনুযায়ী মৰ্যাদা, গৌৰৱ আৰু সম্মান অক্ষুণ্ণ ৰাখি যি কোনো নাগৰিকে বছৰৰ যি কোনো দিনতেই জাতীয় পতাকা উত্তোলন কৰিব পাৰিব|

          অন্যহাতে ভাৰতীয় সংঘ বনাম যশোৱন্ত শৰ্মা বিচাৰত পৰিষ্কাৰকৈ জনাই দিয়া হয় যে, জাতীয় পতাকাবিধি বিধিবদ্ধ আইন নহ'লেও এই বিধিৰ বিধিনিষেধসমূহ জাতীয় পতাকাৰ গৌৰৱ ৰক্ষাৰ্থে অৱশ্যে পালনীয়। জাতীয় পতাকা উত্তোলনৰ অধিকাৰ পৰম অধিকাৰ নহয়; ই এক অৰ্জিত অধিকাৰ আৰু সংবিধানৰ ৫১ নং ধাৰা অনুযায়ী ইয়াক মান্য কৰা উচিত|

🔴জাতীয় পতাকাৰ সন্মানঃ
            ভাৰতীয় আইন অনুসৰি জাতীয় পতাকাৰ ব্যবহাৰ সৰ্বদা "মৰ্যাদা, আনুগত্য আৰু সম্মান" ("dignity, loyalty and respect") সহকাৰে হোৱা উচিত। "প্ৰতীক আৰু নাম (অপব্যৱহাৰ ৰোধ) আইন, ১৯৫০" ("The Emblems and Names (Prevention of Improper Use) Act, 1950") অনুসৰি জাৰি কৰা "ভাৰতীয় পতাকা বিধি – ২০০২" ("Flag Code of India – 2002") পতাকাৰ প্ৰদৰ্শনী আৰু ব্যৱহাৰ সংক্ৰান্ত যাবতীয় নিৰ্দেশিকা বহন কৰে। চাৰকাৰী বিধিত কোৱা হৈছে যে, জাতীয় পতাকাই কেতিয়াও মাটি বা পানীক স্পৰ্শ নকৰে; ইয়াক টেবুলক্লথ হিচাবে বা কোনো প্লেটফৰ্মৰ সম্মুখত আচ্ছাদন হিচাবে ব্যবহাৰ কৰিব নোৱাৰিব; জাতীয় পতাকাৰে কোনো মূৰ্তি, নামলিপি বা শিলান্যাস প্ৰস্তৰ আবৰিব নোৱাৰিব ইত্যাদি। ২০০৫ চন পৰ্যন্ত জাতীয় পতাকা বস্ত্ৰ, ইউনিফৰ্ম বা সাজপোছাক হিচাবে ব্যবহাৰ কৰা নগৈছিল। ২০০৫ চনৰ ৫ জুলাইত চৰকাৰে পতাকাবিধি সংশোধন কৰি বস্ত্ৰ বা ইউনিফৰ্ম হিচাবে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। যদিও নিম্নাবৰণ বা অন্তৰ্বাস হিচাবে জাতীয় পতাকা ব্যবহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকে।
              ইয়াৰোপৰি গাৰুৰ কভাৰ বা ডিঙিত মেৰুৱা ৰুমাল জাতীয় পতাকা বা অন্য কোনো প্ৰতীকচিহ্ন অঙ্কণ কৰা নিষিদ্ধ। ইচ্ছাকৃতভাবে ওভতা অৱস্থাত পতাকা উত্তোলন, কোনো পানীয়ত ডুবোৱা বা উত্তোলনৰ আগতে ফুলৰ পাপৰিৰ বাহিৰে অন্য কোনো বস্তু তাত বন্ধা বা পতাকাখনত কিবা কিবি লিখা সেয়াও নিষিদ্ধ।

          ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কোনো ব্যাৱসয়িক কাৰণত কৰিব নোৱাৰিব কোনো ব্যক্তি বা বস্তুক সন্মান (চালামী)জনাবৰ কাৰণে ৰাষ্ট্ৰীয় পতাকা নত কৰিব নোৱাৰিব ৷ চৰকাৰী আদেশ অবিহনে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিব নোৱাৰিব ৷ কোনো প্ৰকাৰৰ পোচাক, ইউনিফৰ্ম আদিৰ যিকোনো ভাগত বা ৰুমাল, নেপকিন, গাৰু গিলিপ আদিত ৰাষ্ট্ৰীয় পতাকা অংকিত বা ছপা কৰিব নোবাৰিব ৷ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত কোনো আখৰ লিখিব বা ছবি আঁকিব নোৱাৰিব ৷ গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আদিত ফুলৰ পাহি ৰখাৰ বাহিৰে ৰাষ্ট্ৰীয় পতাকাখন কোনো বস্তু গ্ৰহণ কৰা,দিয়া বা লৈ যোৱা আৰু বন্ধাৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব ৷ কোনো অনুষ্ঠানত বক্তাৰ টেবুল ঢকাৰ কামত,মঞ্চ সজোৱাৰ কামত কোনো ভৱনত দুৱাৰ- খিৰিকীৰ পৰ্দা হিচাপে বা কোনো বাহন,ৰে’ল ,উৰাজাহাজ,বৰটোপ আদিৰ যিকোনো অংশ ঢাকিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৷ কোনো প্ৰতিমা,প্ৰতিমূৰ্তি বা স্মাৰক উন্মোচনৰ পূৰ্বে ঢাকি ৰখা কামত ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৷ ইচ্ছাকৃত ভাৱে ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ উত্তোলন কৰা বা ইয়াক মাটি বা পানীত পৰিবলৈ দিয়া কাৰ্য কৰিব নোৱাৰিব ৷ ফটা-চিতা, সোঁতমোচ খোৱা বা লেতেৰা আৰু একেডাল দণ্ডতে বেলেগ পতাকাৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নোৱাৰিব ৷ যিমান দূৰ সম্ভৱ ৰাষ্ট্ৰীয় পতাকাৰ জোখ বা আকাৰ পতাকা সংহিতা ২০০২ৰ প্ৰথম ভাগত উল্লেখ কৰা জোখৰ অনুৰূপ হোৱা উচিত আৰু যদি পতাকাখন দীঘলে প্ৰদৰ্শন কৰা হয় ,সেই ক্ষেত্ৰত গেৰুৱা ৰংটো পতাকাখনৰ সোঁফালে অৰ্থাৎ দৰ্শকৰ বাওঁফালে হ’ব লাগিব ৷ বিভিন্ন মহত্ত্বপূৰ্ণ ৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু ক্ৰীড়া সমাৰোহত কাগজৰ পতাকা জনতা হাতত লৈ ব্যৱহাৰ কৰিব পাৰিব কিন্তু সেই সমাৰোহৰ অন্তত পতাকাবোৰ বিকৃত কৰা বা মাটিত পেলাই দিয়া অনুচিত ৷তেনে পতাকা বা ব্যৱহাৰৰ অনুপযোগী পতাকা নিৰলে জ্বলাই দিব লাগে বা মৰ্য্যদা সহকাৰে অন্য ধৰণে নষ্ট কৰি পেলাব লাগে ||

Comments

Popular posts from this blog

বৰভেটিঃ ইতিহাস, পৰম্পৰা আৰু একতাৰ নিদৰ্শন...

নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ

কাতি বিহু , তুলসী জন্ম কাহিনী আৰু ঔষধি গুণ...