নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ

নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ

       অসমৰ কৃষিজীৱি সমাজ ভিন্ন উৎসৱমুখৰ । এই উৎসৱ সমূহৰ মাজতে ঈশ্বৰ চিন্তাও থাকে । এতিয়া ধান খেতি ৰুই সমাপ্ত কৰাৰ সময় । এই খেতি সমাপ্ত কৰাৰ সময়তে এটি পৰ্ব উজনি অসমত পালন কৰা হয় । সেয়া হৈছে , " নাঙল ধোৱা পৰ্ব " ।
" নাঙল " -- অসমৰ চহা কৃষকৰ আটাইতকৈ জৰুৰী সম্পদ । যিয়ে কৃষকক এমুঠি খাবলৈ শক্তি তথা সাহস দিয়ে । পথাৰৰ কামৰ পৰা আজৰি হোৱাৰ পাছতে উজনিৰ বহু ঠাইতে এই জনবিশ্বাস পৰ্বটি পালন কৰা হয় । পথাৰৰ কামৰ পৰা বছৰটোৰ বাবে ঘৰত জিৰণি লোৱা নাঙলক ঘৰে - ঘৰে ধোৱা পৰ্ব আৰম্ভ কৰে । পৰিশ্ৰমৰ অন্ত পৰাৰ পাছতে নাঙল ধোৱা উৎসৱ পালন কৰাটো কৃষকৰ এক লোকাচাৰ ।

      এই পৰ্বত তৰা পাতত বৰা চাউলৰ পিঠাগুৰি চাৰিচুকীয়াকৈ বান্ধি উতলা পানীত সিজাই উক্ত দিনাই খায় । এই পিঠাক " নাঙল ধোৱা পিঠা " বোলা হয় । এই তৰা পাতে শস্য বৃদ্ধি আৰু মানুহৰ বংশ বৃদ্ধিৰ অৰ্থ সূচায় । সেয়ে খেতিয়কে নিজৰ কৃষিভূমিত একোজোপা তৰাগছো ৰোপন কৰে ।

       এই নাঙল ধোৱা উৎসৱত গাঁৱৰ ওচৰ - চুবুৰীয়াক নিমন্ত্ৰণ কৰা হয় । উৎসৱটিয়ে অনাবিল আনন্দ প্ৰদান কৰে । উল্লেখযোগ্য যে, বৰ্তমান অসমীয়া কৃষিজীৱি সমাজত আগৰ দৰে এই উৎসৱ নাই বুলিব পাৰি । কাৰণ এতিয়া খেতি কৰাৰ সঁজুলিৰ পৰা নাঙল ক্ৰমশঃ বিলুপ্ত হৈছে বুলিব পাৰি । বৰ্তমান অসমত সঁচা অৰ্থত ক'বলৈ গ'লে নাঙল নেদেখা বা চিনি নোপোৱা ব্যক্তিৰ সংখ্যা অধিক আছে । এনেকৈ আমাৰ চিনাকি সন্মানীয় সম্পদ এটি হেৰাইছে । এয়া চিন্তাৰ বিষয় ।

        যিকি নহওক, মোৰ ক্ষুদ্ৰ সীমিত জ্ঞানেৰে এই বিশেষ পৰ্বটিৰ বিষয়ে সংক্ষেপে লিখিলো । বিজ্ঞ সকলে অধিক তথ্য থাকিলে ইয়াতে সংযোগ কৰিব পাৰে ।।©সুৰেশ

Comments

Popular posts from this blog

বৰভেটিঃ ইতিহাস, পৰম্পৰা আৰু একতাৰ নিদৰ্শন...

কাতি বিহু , তুলসী জন্ম কাহিনী আৰু ঔষধি গুণ...