বৰভেটিঃ ইতিহাস, পৰম্পৰা আৰু একতাৰ নিদৰ্শন...

#বৰভেটিঃ ইতিহাস, পৰম্পৰা আৰু একতাৰ নিদৰ্শন...
__________©সুৰেশ
          ইতিহাসে গৰকা মালৌ পথাৰত, যোৰহাট নগৰৰ পৰা প্রায় ১২-১৩ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত ঐতিহাসিক বৰভেটি অৱস্থিত৷ আহোম স্বর্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত (১৭৬৯-১৭৮০ খ্রীঃ) মায়ামৰা সত্রাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেখেতৰ পুত্র সপ্তভুজে ১৭৬৮ খ্রীঃত সমগ্র অসমত সিঁচৰতি হৈ থকা শিষ্যসকলক আমন্ত্রণ কৰি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত শৰৎ কালত বৰভেটি বন্ধাইছিল বুলি জনশ্রুতি আছে৷ এই ভেটি বন্ধাবৰ বাবে সেই ঠাইত প্রায় ৮ লাখ ৯০ হাজাৰ শিষ্য গোট খাইছিল৷ মালৌ পথাৰৰ উক্ত ঠাইডোখৰ ২৪ হাত দ আছিল৷ বর্তমান এই ভেটিৰ উচ্চতা ৩৬০ ফুট আৰু ১২০ ফুট বহল৷ তলত দীঘলে ৩৮০ ফুট, প্রস্থই ১৮৯ ফুট আছিল৷ বৰভেটিৰ মুঠ মাটিকালি ৬ বিঘা, ১ কঠা, ১০ লোচা৷ বর্তমান সমতলৰ পৰা বৰভেটি প্রায় ২০-২২ ফুটমানহে ওখ হ’ব৷ কিন্তু প্রথম অৱস্থাত সমতলৰ পৰা ইয়াৰ উচ্চতা আছিল প্রায় ৫৪ ফুট৷ ভেটিটো ওখ হোৱাৰ বাবেই ‘বৰভেটি’ বুলি ইতিহাস প্রসিদ্ধ৷ বৰভেটি আৰু খুঁটিয়াপোতা সত্রৰ মাজৰ দূৰত্ব তিনি কিল’মিটাৰ৷ আৰু ইয়াৰ মাজতে ন-পাম সত্রৰ মজিয়া ভেটি আছিল৷ সেই ভেটিৰ নামেৰে আজিও সেই অঞ্চল " মজিয়াভেটি " নামে ইতিহাস প্রসিদ্ধ৷ ১৭৬৯ খ্রীঃত মায়ামৰা সত্রাধিকাৰ সপ্তভুজৰ তত্ত্বাৱধানতে তেওঁৰ শিষ্যসকলে আহোম ৰাজতন্ত্রৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে৷ এই বিদ্রোহ অসমৰ ইতিহাসত মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ নামে জনাজাত৷

        বৰভেটিৰ ন-লগোৱা উৎসৱ অথবা ইয়াৰ নির্মাণৰ ইতিহাস পর্যালোচনা কৰাৰ আগত মায়ামৰা সমাজ আৰু ধর্মীয় পৰম্পৰাৰ বিষয়ে বিভিন্ন উৎসৰপৰা তথ্য লৈ এটি চমু বর্ণনা দাঙি ধৰাৰ প্রয়াস কৰিলোঁ...৷
        ১৪১৪ শকত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ প্রতিষ্ঠিত বৈষ্ণৱ ধর্ম শেষলৈ ব্রহ্মসংহতি, নিকাসংহতি, পুৰুষসংহতি আৰু কালসংহতি এই চাৰিটা ভাগত বিভক্ত হয়৷ সেইদৰে একশৰণ ভাগৱতী নামধর্মৰ নামঘৰবিলাকো ভাগ-ভাগ হৈ পৰে৷ ভবানীপুৰীয়া শ্রীশ্রীগোপালআতা আছিল কালসংহতিৰ জনক৷ কিন্তু এই সংহতিৰ উৎকর্ষ সাধক শ্রীশ্রীঅনিৰুদ্ধ দেৱ ৷ তেখেতে নাৰায়ণপুৰৰ বিষ্ণুবালিকুঞ্চিত এখন সত্র প্রতিষ্ঠা কৰি মায়ামৰা বৈষ্ণৱ ধর্মৰ প্রথমজনা ধর্মপ্রচাৰক হোৱাৰ গৌৰৱ অর্জন কৰে আৰু তেতিয়াৰে পৰা মায়ামৰা নৱবৈষ্ণৱ ধর্মই পূর্ণতা লাভৰ দিশত অগ্রসৰ হয়৷ বিষ্ণুবালিকুঞ্চি, মদাৰখাত, পুৰণিমাটি, কালজাৰ, বৰভেটি সত্র, নাহৰআটি, গড়পৰা, বগৰীতলীয়া, খুঁটিয়াপোতা, দিনজয়, টিফুক, ঢলা আদি কৰি মুঠ ১২খন সত্র মায়ামৰা ধর্মীয় অভ্যুত্থানৰ কালত প্রতিষ্ঠা হৈছিল৷

       মায়ামৰা বৈষ্ণৱ ধর্মৰ পৰম্পৰা অনুযায়ী সত্রসমূহত জড়মূর্তি স্থাপন, পূজা-পাতল, বিধান আৰু তীর্থ ভ্রমণ নীতিবিৰুদ্ধ কথা৷ মূর্তিৰ পৰিৱর্তে সত্রসমূহত ভাগৱত, কীর্তন, দশম, ভক্তিমংগল ঘোষা, নামঘোষা আদি স্থাপন কৰা হয়৷ স্বতন্ত্রৰীয়াভাৱে নাম ধর্মত শৰণ লোৱা মায়ামৰাসকল আছিল একেশ্বৰবাদী৷ মহাপুৰুষ শংকৰদেৱৰ দৰে অনিৰুদ্ধদেৱেও ভক্তি মার্গত গুৰুত্ব দিছিল৷
       গুৰুত্বপূৰ্ণ কথা যে, বৈষ্ণৱ ধর্মৰ সত্র আৰু নামঘৰত মুখামুখিকৈ বহা বা আসন গ্রহণ কৰা প্রথা, আশীর্বাদ প্রদান প্রথা, নামৰ সুৰ, নামত বোৱা হাত চাপৰি, তাল-মৃদংগৰ গায়ন- বায়ন, শৰাই সজোৱা প্রথা, চ’ৰাঘৰৰ আর্হি মূধচৰ ফালেদি নামঘৰত প্রৱেশ আহোম সংস্কৃতিৰেই অমূল্য অৱদান৷ ইয়াৰ কিছুমান প্রথা কিছু পৰিৱর্তিত ৰূপত এতিয়াও থাইলেণ্ডকে আদি কৰি দক্ষিণ-পূব এছিয়াৰ দেশসমূহত প্রচলিত হৈ আছে৷

        মায়ামৰাসকলৰ ‘পুণ্যতীর্থ’ মালৌৰ বৰভেটি কিয় নির্মাণ কৰিছিল, এই লৈ কিছু মতানৈক্য হোৱা দেখা যায়৷ বৰভেটি নির্মাণৰ পটভূমিত তিনিটা জনশ্রুতি প্রচলিত৷
সেইকেইটা হ’ল--
[১] মোৱামৰীয়া বা মায়ামৰা বিদ্রোহৰ প্রতি থকা জনসমর্থনৰ বুজ লোৱা,
[২] পূর্ণানন্দ বুঢ়াগোহাঁয়ে এখন তীর্থস্থান নির্মাণৰ লক্ষ্যৰে ভেটি প্রতিষ্ঠা কৰোৱা আৰু
[৩] মায়ামৰা সমাজৰ বাবে এখন সত্র প্রতিষ্ঠা কৰা৷
         প্রথমটো জনশ্রুতি মতে, মায়ামৰা বিদ্রোহৰ প্রতি জনসমর্থন কেনে, তাৰ বুজ ল’বলৈ মায়ামৰা গোসাঁই অষ্টভুজদেৱে ভক্তসকলৰ দ্বাৰা প্রত্যেকৰে এচপৰাকৈ মাটি দি বৰভেটি বন্ধাইছিল৷ বৰভেটি যিমানেই ওখ হৈছিল জনসমর্থন সিমান হৈছিল বুলি প্রকাশ৷ উল্লেখযোগ্য যে, মায়ামৰা বিদ্রোহৰ প্রস্তুতি ইয়াৰ বহু আগৰ পৰাই অৱশ্যে চলি আছিল৷
        দ্বিতীয়তো জনশ্রুতি মতে, পূর্ণানন্দ বুঢ়াগোহাঁইদেৱে এখন থান স্থাপন কৰিবলৈ বৰভেটি বন্ধোৱাইছিল৷ উল্লেখযোগ্য যে, অপদেৱতাক পূজা-পাতল দি সেইসকলৰ কোপদৃষ্টিৰ পৰা কৃষিক ৰক্ষা কৰিবৰ বাবে সেই কালত পথাৰৰ মাজত অনেক থান প্রতিষ্ঠা কৰা হৈছিল৷ গতিকে এনে ঘটনাৰ পৰিপ্রেক্ষিতত এই জনশ্রুতি একেবাৰে উলাই কৰিব নোৱাৰি৷
         তৃতীয়টো জনশ্রুতি মতে, আদ্যগুৰু অনিৰুদ্ধদেৱৰ জ্যেষ্ঠ পুত্র কৃষ্ণদেৱ গোসাঁয়ে ককিলামুখ ভাটিত যি ঠাইত অনিৰুদ্ধদেৱে এটা খুঁটি পুতি থৈ গৈছিল, সেই স্থানত এখন সত্র প্রতিষ্ঠা কৰা হয়৷ কালক্রমত ব্রহ্মপুত্রৰেই খুঁটিয়াপোতা নামেৰে জনাজাত এই সত্রৰ ভেটি খহাই নিয়াত অষ্টভুজ গোসাঁয়ে তাৰ সকলো সা-সম্পত্তি স্থানান্তৰ কৰি আনি ১৬৯০ শকত মালৌৰ কোৰোকানিত ভেটি বান্ধি এখন সত্র প্রতিষ্ঠা কৰে৷ মন কৰিবলগীয়া যে বৰভেটিৰ ওপৰত অস্থায়ী ঘৰ সাজি সাত দিন সাত ৰাতি গায়ন- বায়ন গাই " কংস বধ " ভাওনাৰে উৎসৱ সামৰে৷

         আনহাতে, এয়াও লক্ষণীয় যে এক দীঘলীয়া বিদ্রোহত জর্জৰিত মায়ামৰা সমাজৰ বৰভেটিৰ প্রতি আদৰ-যত্ন হ্রাস হৈ অহাত সেই বৰভেটিত স্থায়ী সত্র প্রতিষ্ঠা কৰাটো স্বাভাৱিকতে সম্ভৱপৰ হৈ নুঠিল৷ অৱশ্যে পৰৱর্তী কালত মায়ামৰা ভক্তসকলে প্রতিবছৰে প্রথম খেপ শস্য চপোৱাৰ পাছত আঘোণ মাহৰ প্রথম সপ্তাহৰ প্ৰথমটো দেওবাৰে সকলো লগ হৈ বৰভেটিত ন-লগোৱা উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে৷ মাটিৰ চাকিৰে বন্তি প্রজ্বলন কৰি বৰভেটিৰ ওপৰত স্থাপন কৰাৰ পাছত সেৱা আগবঢ়োৱা হয়৷ নতুন চাউলৰ পিঠাগুড়ি, গাখীৰ আৰু গুড়েৰে তৈয়াৰী সাজ, মাহ-প্রসাদ, কল, কুঁহিয়াৰ আদি নৈবেদ্যৰে শৰাই সজাই গায়ন-বায়ন গোৱা হয়৷ উক্ত গায়ন-বায়ন মৃদং আৰু তালেৰে পৰিৱেশন কৰা হয়৷ ন-লগোৱা উৎসৱত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি কমেও ১/২ লাখ ৰাইজৰ সমাগম হয়৷ সকলো ভক্তই ভেটিটোৰ ওপৰত মাংগলিক কার্য সমাপন কৰাৰ প্রৱণতা কৰা যায়৷ উক্ত ভেটিত লোণ অৰ্থাৎ নিমখ দান কৰা বিশেষ পৰম্পৰা আছে ।ঐতিহাসিক বৰভেটিত এই উৎসৱ আজিও অতি নিষ্ঠাৰে পালন কৰা হয়৷
         উল্লেখযোগ্য যে, মজিয়াভেটিত মায়ামৰা ভক্তসকলে ভোজন গ্রহণ কৰিছিল বুলি জনশ্রুতি আছে৷ ওপৰৰ আলোচনাৰ পৰা এই কথা সহজে অনুমান কৰিব পাৰি যে মালৌ পথাৰৰ সেইসময়ৰ ২৪ হাত দ পানীৰ মাজত মায়ামৰা সত্রাধিকাৰ অষ্টভুজ গোসাঁইৰ সত্র প্রতিষ্ঠাৰ মূল লক্ষ্য আছিল আধ্যাত্মিক ধ্যান-ধাৰণাৰ পৱিত্র স্থলী সত্র অনুষ্ঠানৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু চাৰিওফালে জলৰাশিৰে আবৃত এক শান্ত, সৌম্য, পৱিত্র তথা নির্মল পৰিৱেশ সৃষ্টি কৰা৷ কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ লগতো এই বৰভেটিৰ সম্বন্ধ আছে । বিভিন্ন ঐতিহাসিক সমল আৰু বার্ষিক ন-লগোৱা উৎসৱ পালন কৰাৰ পৰম্পৰাই বৰভেটিক অসমীয়া সমাজৰ একতাৰ অপূৰ্ব প্ৰতীক ৰূপেও গ্রহণ কৰিব পাৰি ।।
( তথ্যঃ বিভিন্ন উৎসৰপৰা সহায় লৈ )

Comments

Popular posts from this blog

নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ

কাতি বিহু , তুলসী জন্ম কাহিনী আৰু ঔষধি গুণ...