কাতি বিহু , তুলসী জন্ম কাহিনী আৰু ঔষধি গুণ...

        ●তুলসীৰ জন্ম কাহিনী...
কাৰ্ত্তিকী পূৰ্ণিমা ৰাতি শুক্ৰবাৰ দিনা।
শুভক্ষণে কন্যা শিশু জন্মিলে সিদিনা।।
জ্যোতিময়ী মূৰ্ক্তি কন্যা নয়ণাভিৰাম।
পুৰাবিদগণে দিলে তুলসী এই নাম।।
ভূমিষ্ঠা হৈয়েই কন্যা সংকল্প কৰিলে।
নাৰায়ণক পতিৰূপে মনতে ভাবিলে।।
নাৰায়ণক পতি ৰূপে সংকল্প কৰিলে।
সহস্ৰ শতেক বছৰ তপস্যা কৰিলে।।
দশ দশ শত বৰ্ষ নকৰি আহাৰ।
কঠোৰ তপস্যা শেষ নহ’ল কন্যাৰ।।
কঠোৰ তপস্যা দেখি ব্ৰহ্মা সনাতন।
বদৰিকাশ্ৰমলৈকে কৰিলে গমন।।
ব্ৰহ্মাক দেখিয়া দেৱী আনন্দিত মন।
ভক্তি ভাবে প্ৰনিপাত কৰে সেইক্ষণ।।
জগত বিধাতা দেৱীক সোধে মৰেমেৰে।
তুলসী নিচিন্তে কোৱা কিবা বৰ লাগে।।
          তেতিয়া তুলসীয়ে নাৰায়ণক পতি ৰূপে পাবলৈ বৰ বিচাৰিলে আৰু গোবিন্দ প্ৰভুৱে তেওঁক বৰ দিলে কেনেকৈ সেয়া তলৰ অংশত...
গোবিন্দই ক’লে মোক মধুৰ বচনে।
ভাৰতত থাকিবা তুমি আনন্দিত মনে।।
তাতেই তপস্যা তুমি সদায় কৰিবা।
ফলৰূপে নাৰায়ণক পতিৰূপে পাবা।।
ব্ৰহ্মাই কৰিব দান তপস্যাৰ ফল।
প্ৰদান কৰিব বৰ তোমাৰ মঙ্গল।।
মোৰ অংশজাত হয় দেৱ নাৰায়ণ।
পতিৰূপে পাবা তেওঁক দেৱ নাৰায়ণ।।
----
● কাতি বিহুত তুলসী দেৱীক পূজা কৰিব লাগে কিয়...??
           তুলসী দেৱীৰ নাম বৃন্দা, তেওঁ নাৰায়ণৰ প্ৰিয়তমা পত্নী। বৃন্দাবনত বৃক্ষ আকাৰে থকাৰ বাবে তেওঁৰ নাম বৃন্দাবনী, তেওঁ বিশ্বতে পূজিতা, তেওঁক সেয়েহে নাৰায়ণেও পূজা কৰে। তুলসীয়ে সকলোকে আনন্দ প্ৰদান কৰে সেইবাবে তেওঁৰ আন এটা নাম হৈছে নন্দিনী। কৃষ্ণৰ জীৱনৰূপা মনোৰমা বাবে তেওঁৰ নাম শ্ৰীকৃষ্ণজীৱনী, যিহেতু তেওঁক কৃষ্ণয়ো অৰ্চনা বন্দনা কৰে।

          বৃন্দা, বৃন্দাবনী, বিশ্বৰ পাৱনী, বিশ্বৰ পূজিতা, কৃষ্ণৰজীৱনী পুস্পসাৰা, নন্দিনী আৰু তুলসী এই কেইটা নামেৰে তুলসীক পূজা কৰিলে অশ্বমেধ যজ্ঞ কৰাৰ সমান ফল লাভ কৰিব পাৰিব।

           বিশেষকৈ কাতি মাহৰ পূৰ্ণিমা তিথি তুলসী পূজাৰ প্ৰসস্ত দিন। তুলসীৰ পূজাই সকলোকে শোক দুখৰ পৰা মুক্ত কৰি শান্তি প্ৰদান কৰে।

          যি পদ্মহস্তা, পদ্মমুখী, পদ্মস্থিতা, পদ্মনেত্ৰা আৰু লক্ষীৰূপা সেই সৌম্যৰূপিনী তুলসী দেৱীক কৰিছে। যিজনে সংক্ৰান্তি আৰু চন্দ্ৰ সূৰ্য্যৰ গ্ৰহণৰ সময়ত সংযত হৈ তুলসী চৰিত্ৰ আৰু বন্দনা স্তৱ পাঠ কৰে তেওঁৰ সৰ্বসিদ্ধি লাভৰ যোগ হাততে থাকে।

            মন্ত্ৰ, জপ, যজ্ঞ, ক্ৰিয়া ধ্যান তীৰ্থ এই সমস্তৰ অভাৱত এই তুলসী চৰিত্ৰ/স্তৱত সকলো সিদ্ধি লাভ হয়। যিজনে গুৰুকৃত স্তৱ পাঠ বা শ্ৰৱন কৰে তেওঁ নিঃসন্দেহে মুক্তি লাভ কৰে।এয়াই হ’ল তুলসী দেৱীৰ পূজাৰ বিধি।।
----
●কাতি বিহু আৰু অন্য কথা...
                    অসমৰ জাতীয় জীৱনৰ যি তিনিটা বিহু আছে, ইয়াৰ ভিতৰত কাতি বিহু হৈছে লোকজীৱনৰ অনাড়ম্বৰভাৱে পালন কৰা ভক্তিভৰা উৎসৱ । অসমৰ প্ৰায় ৮০ শতাংশ লোক খেতিয়ক । খেতিয়কৰ খেতিয়ে জীয়াই থকাৰ সমল । অসমীয়াৰ প্ৰতিটো বিহু উৎসৱে কৃষিভিত্তিক উৎসৱ । ইয়াত জড়িত হৈ থাকে গ্ৰাম্য জীৱনৰ এক নিটোল প্ৰতিচ্ছবি ।
ইপিনে বিহু হৈছে লোকজীৱনৰ দাপোণ, বাপতি-সাহোন । এই বিহু উৎসৱৰ লগত জড়িত হৈ আছে কৃষ্টিৰ ৰহঘৰা ।

           কাতি বিহুত পথাৰে সেউজীয়া বসন পিন্ধি মোহনীয় হৈ পৰে । সঁজাল ধৰা ধানে গেঁৰ মেলিবলৈ ধৰে । পথাৰৰ লখিমী সগৰ্ভা হৈ পৰে । কাতি বিহুত সংপৃক্ত হৈ আছে লোকজীৱনৰ ৰীতি-নীতি, লোকাচাৰ, লোকনীতি আৰু লোকবিশ্বাস ।

           কাতি বিহু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজ -নিজ জাতীয় বৈশিষ্ট্যৰে পালন কৰে । সঁজাল ধৰা ধাননিপথাৰত ঢিপ বান্ধি তাত বাঁহৰ শলা পুতি ঔ খোল বা মাটিৰ চাকি জ্বলাই নৈবেদ্যভাগি আগবঢ়ায় । ইয়াত তুলসী গছ ৰুই সেৱা জনায় । অকল এয়াই নহয়, চোতালৰ পূব মূৰত তুলসী গছ ৰোৱা হয় ।

            তুলসী হিন্দুৰ অতি পৱিত্ৰ । এই তুলসী কেইবা প্ৰকাৰৰ আছে । ( ৮ প্ৰকাৰৰ আছে কিন্তু ৪ প্ৰকাৰৰ নামহে জ্ঞাত ।)

১) ক’লা তুলসী

২) বগা তুলসী

৩) ৰাম তুলসী

৪) ফুলাল তুলসী

         এই তুলসী অকল ভাৰতবৰ্ষতে নহয়, আফ্ৰিকা, আৰব, ব্ৰাজিল, শ্ৰীলংকা, ব্ৰহ্মদেশ, চীন, জাপান আদি দেশতো পোৱা যায় বুলি জনা যায় । তুলসীৰ গছ যি ঠাইত থাকে তাৰ ৬৫০ ফুট ব্যাসাৰ্ধ ঠাইৰ বায়ু শুদ্ধ হৈ থাকে । ইয়াৰ উপৰি এই ঠাইত মেলেৰিয়া-প্লেগ আদি ৰোগৰ বীজাণুৱে একো কৰিব নোৱাৰে ।

          তুলসী যিদৰে অতি পৱিত্ৰ গছ, সেইদৰে ইয়াৰ আছে বিভিন্ন ঔষধি গুণ । ই তিতা- কেহা উষ্ণ বায়ু পিত্তনাশক । মুখৰ দুৰ্গন্ধ, কোষ্ঠ, পেটৰ বিষ, কাহ, কৃমি ৰোগৰ বৰ উপকাৰী ।

●তুলসীৰ ঔষধি গুণ -
তুলসীৰ ৰস খালে গাৰ ছাল, হাড়ৰ মাজত ৰোগে আক্ৰমণ কৰিব নোৱাৰে ।

১) ক’লা তুলসীৰ ৰস খালে এলাহ-ভাগৰ, জ্বৰ, পানীলগা, গ্ৰহণী, অজীৰ্ণ ৰোগৰ পৰা মুক্তি পোৱা যায় ।

২) তুলসীৰ ৰসে মানুহৰ তেজ পৰিষ্কাৰ কৰে ।

৩) ব্ৰংকাইটিছ ৰোগ নিৰাময় কৰিব পাৰে ।

৪) ক’লা তুলসীৰ ৰস ৩০ গ্ৰাম সপ্তাহত দুদিন খালে মেলেৰিয়া ৰোগ হ’ব নোৱাৰে ।

৫) তুলসীৰ ৰসৰ লগত মৌজোল মিশ্ৰণ কৰি খালে কাহ-কফ নাইকিয়া হয় ।

৬) হাইজা ৰোগত ক’লা তুলসী আৰু ক’লা নিমখ মিহলাই খালে সুফল পোৱা যায় ।

৭) তুলসীৰ গুটি পিহি গাখীৰৰ লগত খালে শৌচ-বমি বন্ধ হয় ।

৮) ২০ গ্ৰাম তুলসীৰ পাতৰ ৰস গৰম কৰি খালে কৃমি ৰোগ নাইকিয়া হয় ।

৯) ক’লা তুলসীৰ পাতৰ ৰস খালে ডায়েবেটিছ ৰোগৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয় ।

১০) তুলসীৰ ৰসৰ লগত চেনি মিহলাই খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা ৰোগ নাইকিয়া হয় ।

১১) লাল চাহৰ লগত ক’লা তুলসীৰ ৫ টা পাত দি চাহ খালে যকৃতৰ ৰোগ ভাল হয় ।

১২) তুলসীৰ গুটিৰ লগত মৌ মিহলাই খালে পুৰুষৰ শুক্ৰ বৃদ্ধি হয় । শক্তি বাঢ়ে ।

১৩) ক’লা তুলসীৰ পাতৰ লগত মৌ মিহলাই খালে কোষ্ঠ ৰোগ নাইকিয়া হয় ।

১৪)দিনে ৫ টা ক’লা তুলসীৰ পাত চোবাই খালে তেজ পৰিষ্কাৰ হয় । ই বিভিন্ন ঔষধি গুণৰ ভঁৰাল ।

১৫) যকৃতৰ ৰোগ নিৰাময় কৰি সুস্থ কৰি ৰাখে ।

১৬) কলেৰা-মেলেৰিয়া ৰোগ নাইকিয়া কৰে ।

১৭) কোষ্ঠ ৰোগৰ মহৌষধ বুলি কোৱা হয় ।

১৮) ক’লা তুলসীৰ ৰস সপ্তাহত দুবাৰ খালে উচ্চ ৰক্তচাপ ৰোগ নিয়ন্ত্ৰণ হয় ।

১৯) নিউম’নিয়া জ্বৰ-কাহ আদিত ক’লা তুলসীৰ ৰস মৌৰ লগত খালে এই ৰোগৰ উপশম হয় ।

২০) ব্ৰ্ংকাইটিছ ৰোগৰ বাবে উপকাৰী ।

২১) তুলসীৰ পাত পাঁচটাকৈ খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হয় ।

২২) ইনফ্লুৱেঞ্জা ৰোগৰ বাবে তুলসীৰ পাতৰ ৰস উপকাৰী ।

২৩) তুলসী পাতৰ ৰসে তেজ পৰিষ্কাৰ কৰে ।

২৪) ক’লা তুলসীৰ পাত পাঁচটাকৈ সপ্তাহত দুদিন চোবাই খালে গ্ৰহণী ৰোগ নিৰাময় হয় ।

২৫) কলীয়া তুলসীৰ গুটি দিনে দুবাৰকৈ চোবাই খালে মানুহৰ শুক্ৰ বৃদ্ধি হয় বুলি কোৱা হয় ।

২৬) চকু ৰঙা পৰা বা চকু উঠা ৰোগত তুলসীৰ ৰস চকুত দিলে এই ৰোগ নিৰাময় হয় ।৷
●( বিভিন্ন তথ্যৰ পৰা সংগ্ৰহ এই প্ৰবন্ধ ।)

Comments

Popular posts from this blog

বৰভেটিঃ ইতিহাস, পৰম্পৰা আৰু একতাৰ নিদৰ্শন...

নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ