বিজয় দিৱস ,১৬ডিচেম্বৰঃ ( ৩/১২/১৯৭১- ৰ পৰা ১৬/১২/১৯৭১ লৈ সংঘটিত ভাৰত-পাক যুদ্ধৰ বিজয় দিৱসত দেশৰ বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলিৰে...)

১৬ডিচেম্বৰঃ
        ১৯৭১ চনত তৎকালীন পূব পাকিস্তান আৰু (পশ্চিম) পাকিস্তানৰ মাজত প্ৰায় ৯ মাহ ধৰি চলা এক সশস্ত্ৰ সংগ্ৰাম। পূব পাকিস্তানৰ হৈ এই যুদ্ধত ১৯৭১ চনৰ ৩ ডিচেম্বৰৰ পৰা ভাৰতেও অংশগ্ৰহণ কৰিছিল। ১৬ ডিচেম্বৰ তাৰিখে সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটে আৰে ইয়াৰ পাছৰ পৰা পূব পাকিস্তান পশ্চিম পাকিস্তানৰ পৰা বিছিন্ন হৈ বাংলাদেশ  ৰাষ্ট্ৰ গঠন কৰে।

      ১৯৪৭ চনত হোৱা ভাৰতৰ দেশ বিভাজনৰ ফলত ভাৰতীয় উপমহাদেশক মুছলমানসকলৰ বাবে পাকিস্তান আৰু হিন্দুসকলৰ বাবে ভাৰত বুলি দুখন দেশত বিভক্ত হয়।পাকিস্তানত ভাৰতৰ পূব আৰু পশ্চিমত যথাক্ৰমে পূ্ব পাকিস্তান বা পূৰ্ববংগ আৰু পশ্চিম পাকিস্তান বুলি দুটা ভৌগোলিক আৰু সাংস্কৃতিকভাৱে পৃথক অঞ্চলৰ সৃষ্টি হ'ল। দুই ভাগৰে জনসংখ্যা প্ৰায় সমান আছিল যদিও ৰাজনৈতিক ক্ষমতা পশ্চিম পাকিস্তানত কেন্দ্ৰীভূত আছিল আৰু পূব পাকিস্তানত পশ্চিম পাকিস্তানে শোষণ কৰা বুলি অসন্তোষ আছিল। তদুপৰি এই দুই অসংযুক্ত অঞ্চলৰ শাসন চলোৱাও কঠিন আছিল।
১৯৭০ চনত তৎকালীন পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত পূ্ব পাকিস্তানৰ ৰাজনৈতিক শক্তিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও পশ্চিম পাকিস্তানে এই ফলাফল মানি ল'বলৈ অস্বীকাৰ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত পূব পাকিস্তানৰ জনতা, ছাত্ৰশক্তি, বুদ্ধিজীৱী আৰু সশস্ত্ৰ বাহিনীসমূহে কৰা আন্দোলনৰ প্ৰত্যুত্তৰত
১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখে পূব পাকিস্তানত বৰ্ধিত ৰাজনৈতিক ক্ষোভ আৰু  সাংস্কৃতিক জাতীয়তাবাদ  দমন কৰিবলৈ পাকিস্তানৰ শাসকবৰ্গই " অপাৰেশ্যন চাৰ্চলাইট " নামেৰে এক ৰক্তক্ষয়ী সেনা অভিযান আৰম্ভ কৰে।
পাক সেনাৰ এই নিৰ্মম দমনে পূব পাকিস্তানৰ আৱামী লীগ  দলৰ নেতা শ্বেখ মুজিবুৰ ৰহমানক  ১৯৭১ চনৰ ২৬ মাৰ্চ তাৰিখে পূ্ব পাকিস্তানক বাংলাদেশ নামেৰে এক স্বাধীন ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰিবলৈ বাধ্য কৰায়।

      পাকিস্তানী ৰাষ্ট্ৰপতি য়াহায়া খানে পাক সেনাক পূ্ব পাকিস্তানৰ কৰ্তৃত্ব বাহাল কৰিবলৈ আদেশ দিয়ে আৰু তাৰ ফলত পূ্ব আৰু পশ্চিম পাকিস্তানৰ মাজত গৃহযুদ্ধৰ সূচনা হয়।পৰিণতি স্বৰূপে পূব পাকিস্তানৰ পৰা ভাৰতৰ পূব অংশলৈ অগণন (প্ৰায় ১০ হাজাৰ বুলি অনুমান কৰা যায়) ভগনীয়া শৰণাৰ্থীৰ প্ৰব্ৰজন হ'বলৈ আৰম্ভ কৰে।
        ইফালে পূ্ব পাকিস্তানৰ জনতাই ১৯৭১ চনত "মুক্তি বাহিনী " নামেৰে এক মঞ্চ গঠন কৰি গেৰিলা যুদ্ধত প্ৰবৃত্ত হয়।
এই মানৱীয় আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ ভাৰতে মুক্তি বাহিনী নামেৰে জনাজাত বাংলাদেশৰ বিদ্ৰোহী বাহিনীক সক্ৰিয়ভাৱে সহায়-সহযোগ দিয়া আৰম্ভ কৰে।
ভাৰতে এই মুক্তি বাহিনীক অৰ্থনৈতিক, সামৰিক আৰু কূটনৈতিক সাহায্য প্ৰদান কৰে। যাৰ ফলত পাকিস্তানেও ভাৰতৰ পশ্চিম সীমাত " অপাৰেশ্যন জেংগিজ খান " নামেৰে ভাৰতৰ বিৰুদ্ধে ১৯৭১ চনৰ " ভাৰত-পাকিস্তান যুদ্ধ নামেৰে জনাজাত " এক যুদ্ধ অভিযান আৰম্ভ কৰে।
★( পাক-ভাৰত যুদ্ধ খনঃ ৩/১২/১৯৭১- ১৬/১২/১৯৭১ )
      ভাৰতৰ বৰ্ধিত হস্তক্ষেপত চিন্তিত হৈ পাকিস্তানী বায়ু সেনাই ১৯৭১ চনৰ ৩ ডিচেম্বৰ তাৰিখে ভাৰতীয় বিমানবন্দৰ সমূহত অপাৰেশ্যন জেংগিজ খান  নামেৰে এক আগতীয়া আক্ৰমণ আৰম্ভ কৰে। এই আক্ৰমণ ছয় দিনীয়া যুদ্ধত আৰব দেশসমূহৰ ওপৰত ইজৰাইলী বায়ুসেনাৰ অপাৰেশ্যন ফ'কাচ নামৰ আক্ৰমণৰ অনুকৰণ কৰি যোজনা কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল ভূমিগত অৱস্থাতেই ভাৰতীয় বায়ুসেনাৰ বিমানসমূহ নিষ্ক্ৰিয় কৰা। ভাৰতে ইয়াক অপ্ৰৰোচিত আক্ৰমণ হিচাবে গণ্য কৰিলে আৰু লগে লগে ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধ আৰম্ভ হ'ল।

      মুকলিকৈ যুদ্ধ ঘোষণা নকৰিলেও ভাৰত আৰু পাকিস্তান দুই দেশেই চৰকাৰীভাৱে দুইপক্ষৰ মাজত "যুদ্ধসম স্থিতি"ৰ উদ্ভৱ হোৱা বুলি চৰকাৰীভাবে মানি লয়।

       ভাৰতৰ তিনিওটা বাহিনী পূৱ পাকিস্তান আক্ৰমণত লিপ্ত হ'ল। তেওঁলোকৰ লগতে মুক্তি বাহিনীৰ তিনিটা ব্ৰিগেডেও যোগদান কৰিলে। এয়া তিনিটা ডিভিজনেৰে গঠিত পাকিস্তানী সেনাৰ শক্তিতকৈ অনেক বেছি আছিল। ভাৰতীয় সেনাই পাকিস্তানৰ বচা বচা শক্তিশালী ঘাটিবোৰ অধিকাৰ কৰি বা এৰাই অবিলম্বে সমগ্ৰ বাংলাদেশতে বিয়পি পৰিল। সীমান্তত মুক্তি বাহিনীৰ গেৰিলা আক্ৰমণৰ পৰিপ্ৰাক্ষিতত পাক সেনাই ভাৰতীয় আক্ৰমণ প্ৰতিহত কৰাত বিফল হ'ল, কাৰণ তেওঁলোকৰ সেনা সৰু সৰু গোটত বিভক্ত হৈ পৰিছিল। ঢাকা ৰক্ষা কৰিব ১৯৭১চনৰ ১৬ ডিচেম্বৰ তাৰিখে ভাৰতীয় সেনা আৰু মুক্তি বাহিনীৰ যুটীয়া শক্তিৰ সন্মুখত পশ্চিম পাকিস্তানৰ সেনা পৰাভূত হৈ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।

★বায়ু আৰু নৌ যুদ্ধ●
      ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বিপক্ষে কেইবাটাও বায়ু আক্ৰমণ হানে। এক সপ্তাহৰ ভিতৰতে ভাৰতে পূৱ পাকিস্তানৰ আকাশত নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰে। তেজগাওঁ, কুৰ্মিতলা, লাল মুনিৰ হাট আৰু শমশেৰ নগৰত ভাৰতৰ বায়ু আক্ৰমণৰ ফলত PAF নং ১৪ এয়াৰ স্কোৱাড্ৰন সম্পূৰ্ণৰূপে ভূমিগত (grounded) হয়। চিতাগং, বৰিশাল আৰু কক্স বাজাৰত আই এন এচ ভিক্ৰান্তৰ হকাৰ চী হকৰ আক্ৰমণত পাকিস্তান নৌবাহিনীৰ পূব বিভাগ সম্পূৰ্ণৰূপে বিনষ্ট হয় আৰু পূৱ পাকিস্তানৰ সকলো বন্দৰগাহ ভাৰতৰ অধিকাৰলৈ আহে। পাক নৌ বাহিনী এৰি অহা পূৱ পাকিস্তনী সেনাৰে সদ্যগঠিত বাংলাদেশ নৌসেনাই ও ভাৰতীয় সেনাক নৌ অভিযানত, বিশেষকৈ অপাৰেশ্যন জেকপটত সহায় কৰে।

      এই যুদ্ধত ভাৰতৰ বহিঃ চোৰাংচোৱা বিভাগ RAW -ৰো গুৰত্বপূৰ্ণ অৱদান আছিল। যুদ্ধৰ প্ৰথমচোৱাত তেওঁলোকে মুক্তি বাহিনীক লজিষ্টিক চাপ'ৰ্ট দিছিল। ‌দক্ষিণ এচিয়াৰ বুৰঞ্জীত ইয়েই আজিলৈকে সৰ্ববৃহৎ গুপ্ত অপাৰেশ্যন।
        আনহাতে, দ্বিতীয় বিশ্বযুদ্ধৰ পাচত এই যুদ্ধতেই আজিলৈকে যিকোনো যুদ্ধত সৰ্বাধিক যুদ্ধবন্দী আটক কৰাৰ একমাত্ৰ ঘটনা হৈছিল। ( উল্লেখযোগ্য যে ৯৩,০০০ সৈনিকৰ সৈতে ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা পূৱ পাকিস্তানস্থ পাকিস্তানী ফৌজৰ কমাণ্ডিং অফিচাৰ (CO) লেঃ জেনেৰেল এ কে  নিয়াজীক পাকিস্তানলৈ প্ৰত্যাবৰ্তনৰ পাচত ঘৃণা আৰু সন্দেহৰ চকুৰে চোৱা হ'ল। তেওঁক বিশ্বাসঘাটক আখ্যা দিয়া হ'ল।।)

        ১৯৭২ চনত ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি সম্পন্ন হয়। এই চুক্তিমতে পাকিস্তানে পাকিস্তানী যুদ্ধবন্দীসকলৰ বিনিময়ত স্বাধীন বাংলাদেশক মান্যতা দিবলৈ ৰাজী হয়। ভাৰতে এই যুদ্ধবন্দীসকলক জেনেভা কনভেন্‌শ্যনৰ ১৯২৫ দফা মতে মান্যতা দিছিল।  পাঁচ মাহৰ ভিতৰত ৯৩,০০০ -তকৈও অধিক যুদ্ধবন্দীক পাকিস্তানলৈ প্ৰত্যৰ্পণ কৰা হয়।
চুক্তি মতে ভাৰতে যুদ্ধত অধিকাৰ কৰা 13,000 বৰ্গ কি.মি. (1.3000000000×1010 বৰ্গ মিটাৰ) -ত কৈও অধিক ভূমি পাকিস্তানক ওভোটাই দিয়ে।
ইয়াৰ পিছৰ ৰাজনৈতিক, সীমাকেন্দ্ৰিক ইত্যাদি ঘটনাপ্ৰৱাহৰ কু- ফচল আমি এতিয়াও ভোগ কৰি আছোঁহক।
( বিভিন্ন তথ্যৰ সহায় লৈ সম্পাদিত ৰূপতহে মূল কথাখিনি লিপিবদ্ধ কৰা হৈছে।©সু● )

★विजय दिवस के मुख्य बिंदु – Facts about Vijay Diwas●●●

         विजय दिवस 16 दिसम्बर को 1971 के युद्ध में पाकिस्तान पर भारत की जीत के कारण मनाया जाता है।इस युद्ध के अंत के बाद 93 हजार पाकिस्तानी सैनिकों ने आत्मसमर्पण किया था।साल 1971 के युद्ध में भारत ने पाकिस्‍तान को करारी शिकस्‍त दी, जिसके बाद पूर्वी पाकिस्तान आजाद हो गया, जो आज बांग्लादेश के नाम से जाना जाता है।1971 में बांग्‍लादेश को आजादी दिलाने वाली जंग 16 दिसंबर को खत्‍म हुई थी।तत्‍कालीन पूर्वी पाकिस्‍तान में पाक फौज गैर-मुस्लिम आबादी को निशाना बना रही थी, जिसके बाद भारत भी इस जंग में कूद गया।यह जंग 13 दिन चली थी, जिसमें पाकिस्‍तान ने हथियार डाल दिए थे।इस लड़ाई में करीब 9 हजार पाकिस्‍तानी सैनिक मारे गए थे।इस युद्ध में करीब 3,900 भारतीय जवान शहीद हुए थे और करीब 9 हजार 851 सैनिक बुरी तरह घायल हुए थे।भारत-पाक के बीच युद्ध 3 दिसंबर 1971 से 16 दिसंबर 1971 तक चला. जिसमें भारत की जीत हुई और बांग्लादेश  का निर्माण हुआ ||

Comments

Popular posts from this blog

বৰভেটিঃ ইতিহাস, পৰম্পৰা আৰু একতাৰ নিদৰ্শন...

নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ

কাতি বিহু , তুলসী জন্ম কাহিনী আৰু ঔষধি গুণ...