খাদ্য সুৰক্ষা আৰু মান্যতা আইন , ২০০৬
খাদ্য সুৰক্ষা আৰু মান্যতা আইন , ২০০৬ ৰ আইনী প্ৰয়োগঃ
খাদ্য সুৰক্ষা আৰু মান্যতা আইন , ২০০৬ৰ অধীনত জৰিমনাৰ সাধাৰণ নিয়মসমূহঃ
জৰিমনা ৰ সাধাৰণ নীতি-নিয়মসমূহ খাদ্য সুৰক্ষা আৰু মান্যতা আইন , ২০০৬ৰ অনুচ্ছেদ ৪৯ ৰপৰা অনুচ্ছেদ ৬৭ লৈকে উল্লেখ আছে ।
🔴১. অনুচ্ছেদ ৫০ : বিচৰা মতে স্বভাৱ বা বস্তুগতভাৱে বা গুণগতভাৱৰ অমিল হোৱা খাদ্য বিক্ৰীৰ ক্ষেত্ৰত জৰিমনাঃ
যদি কোনো লোকে খাদ্য সুৰক্ষা আৰু মান্যতা আইন , ২০০৬ ৰ নীতি-নিৰ্দেশনা অমান্য হোৱাকৈ অথবা সেই বিধিৰপৰা সজা নিয়ম অনুসৰণ নকৰাকৈ বা কিনোতাই বিচৰা গুণাগুন, সামগ্ৰী অথবা স্বভাৱৰ খাদ্য বিক্ৰী কৰে, তেন্তে তেনে ব্যক্তি পাঁচ লাখৰ তলত জৰিমনাৰ বাবে বিবেচিত হ'ব ।
🔴২. অনুচ্ছেদ ৫১: নিম্ন-মানৰ খাদ্যৰ বাবে জৰিমনা:
যদি কোনো ব্যক্তিয়ে নিজে অথবা আন কাৰোবাৰ হতুৱাই মানুহৰ বাবে কোনো খাদ্য বিক্ৰীৰ বাবে উৎপাদন কৰে, বা জমা কৰে বা বিতৰণ কৰে বা ৰপ্তানী কৰে যি খাদ্য নিম্ন মানৰ হয়, তেন্তে তেনে ব্যক্তিৰ জৰিমণা সৰ্বোচ্চ পাঁচ লাখ টকা হ'ব পাৰে ।
🔴৩. অনুচ্ছেদ ৫২:ভুলভাৱে ব্ৰেণ্ডিং কৰা খাদ্যৰ বাবে জৰিমণা:
যদি কোনো ব্যক্তিয়ে নিজে অথবা আন কাৰোবাৰ হতুৱাই মানুহৰ বাবে কোনো খাদ্য বিক্ৰীৰ বাবে উৎপাদন কৰে, বা জমা কৰে বা বিতৰণ কৰে বা ৰপ্তানী কৰে যি খাদ্য ভুলভােৱে ব্ৰেণ্ডিং কৰা হয় , তেন্তে তেনে ব্যক্তিৰ জৰিমণা সৰ্বোচ্চ তিনি লাখ টকা হ'ব পাৰে ।
🔴৪. অনুচ্ছেদ ৫৩. বিপথে পৰিচালিত কৰা বিজ্ঞাপনৰ বাবে জৰিমনা:
যদি কোনো ব্যক্তিয়ে কোনো বিজ্ঞাপন প্ৰচাৰ কৰে য'ত-
💠(ক) কোনো খাদ্যৰ বিষয়ে ভুলভাৱে উপস্থাপন কৰা হয় বা
💠(খ) বা সামগ্ৰী বা বস্তুৰ গুনাগুনৰ ভুল উপস্থাপন কৰিব পাৰে বা খাদ্যৰ গুণাগুণৰ ওপৰত ভুল গ্ৰেৰান্টী প্ৰদান কৰে,
তেন্তে তেনে ব্যক্তিৰ বিপক্ষে জৰিমনা সৰ্বোচ্চ ১০ (দহ) লাখ পৰ্যন্ত হ'ব পাৰিব
🔴৫. অনুচ্ছেদ ৫৪: অসংশ্লিষ্ট সামগ্ৰীৰ বাবে জৰিমনা
যদি কোনো ব্যক্তিয়ে নিজে অথবা আন কাৰোবাৰ হতুৱাই মানুহৰ বাবে কোনো খাদ্য বিক্ৰীৰ বাবে উৎপাদন কৰে, বা জমা কৰে বা বিতৰণ কৰে বা ৰপ্তানী কৰে যি খাদ্যত অশুদ্ধি পোৱা যায়, তেন্তে তেনে ব্যক্তিৰ জৰিমণা সৰ্বোচ্চ এক লাখ টকা হ'ব পাৰে ।
🔴৬. অনুচ্ছেদ ৫৫: খাদ্য সুৰক্ষা বিষয়াৰ নীতি-নিয়ম অৱচজ্ঞা কৰাৰ জৰিমনা
যদি এজন খাদ্য ব্যৱসায়ী পৰিচালকে বা আমদানীকাৰীয়ে , কোনো নিৰ্দিষ্ট যুক্তিসংগত কাৰণ নোহোৱাকৈ এই আইন অৱআমাননা কৰে, যিসকল খাদ্য সুৰক্ষা বিষয়াই যোগাণ ধৰে, তেন্তে তেনে ব্যক্তি সৰ্বোচ্চ দুই লাখ টকাৰ জৰিমনাৰ সমুখীন হ'বলগীয়া হ'ব পাৰে।
🔴৭. অনুচ্ছেদ ৫৬: খাদ্য উৎপাদনত প্ৰদূষিত প্ৰণালী ব্যৱহাৰৰ বাবে হ'ব পৰা জৰিমনা
যদি কোনো ব্যক্তিয়ে নিজে অথবা আন কাৰোবাৰ হতুৱাই মানুহৰ বাবে কোনো খাদ্য বিক্ৰীৰ বাবে উৎপাদন কৰে, বা জমা কৰে বা বিতৰণ কৰে বা ৰপ্তানী কৰে যি খাদ্যত প্ৰদূষিত প্ৰণালীৰে উৎপাদিত কৰা হৈছে , তেন্তে তেনে ব্যক্তিৰ জৰিমণা সৰ্বোচ্চ এক লাখ টকা হ'ব পাৰে ।
🔴৮. অনুচ্ছেদ ৫৭: খাদ্য ভেজাল কৰাৰ বাবে জৰিমনা
এই অধ্যায়ৰ অধীনত, যদি কোনো ব্যক্তিয়ে নিজে অথবা আন কাৰোবাৰ হতুৱাই মানুহৰ বাবে কোনো খাদ্য ভেজাল কৰা সামগ্ৰী বিক্ৰীৰ বাবে উৎপাদন কৰে, বা জমা কৰে বা বিতৰণ কৰে বা ৰপ্তানী কৰে তেন্তে-
💠(i) যদি এই ভেজাল সামগ্ৰীবিধ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, তেন্তে সৰ্বোচ্চ জৰিমনা দুই লাখ টকা পৰ্যন্ত হ'ব পাৰে ।
💠(ii) যদি এই ভেজাল সামগ্ৰীবিধ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয়, তেন্তে সৰ্বোচ্চ জৰিমনা দহ লাখ টকা পৰ্যন্ত হ'ব পাৰে ।
🔷(২)উপ-অনুচ্ছেদ (১)ৰ অধীনত, এই কথা গ্ৰাহ্য নহ'ব যে দোষীয়ে তেনে ভেজাল সামগ্ৰী আন কাৰোবাৰ কথামতেহে ৰাখিছিল ।
🔴৯. অনুচ্ছেদ ৫৮: ঘটনা যিসমূহত কোনো নিৰ্দিষ্ট জৰিমনা ধ্যাৰ্য নাই ।
যিবোৰ পৰিঘটনাত জৰিমনা পোৱাৰ যোগ্য আৰু যিবোৰৰ বাবে কোনো নিৰ্দিষ্ট জৰিমনা ধ্যাৰ্য কৰা হোৱা নাই, তেনে ক্ষেত্ৰত সৰ্বোচ্চ জৰিমণা দুই লাখ টকা হ'ব পাৰে ।
🔴১০ .অনুচ্ছেদ ৫৯: অসুৰক্ষিত খাদ্যৰ বাবে শাস্তি
যদি কোনো ব্যক্তিয়ে নিজে অথবা আন কাৰোবাৰ হতুৱাই মানুহৰ বাবে কোনো খাদ্য বিক্ৰীৰ বাবে উৎপাদন কৰে, বা জমা কৰে বা বিতৰণ কৰে বা ৰপ্তানী কৰে যি খাদ্য অসুৰক্ষিত হয় , তেন্তে তেনে ব্যক্তিৰ জৰিমণা সৰ্বোচ্চ দুই লাখ টকা হ'ব পাৰে ।
যদি এই ঘটনাটোত কোনো হতাহত নহয়, তেন্তে জেল হ'ব পাৰে নতুবা এক লাখ টকাৰ জৰিমনা হ'ব পাৰে ।যদি এনে বিফলতা বা ঘটনাত কোনো বেদনাবিহীন আঘাট থাকে, তেন্তে এবছৰলৈকে কাৰাবাস আৰু লগত এক লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে ।যদি এনে বিফলতা বা ঘটনাত কোনো আঘাট থাকে, তেন্তে ছবছৰলৈকে কাৰাবাস আৰু লগত পাঁচ লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে ।যদি এনে বিফলতা বা ঘটনাত কোনো মানুহৰ মৃত্যু ঘটে, তেন্তে সাত বছৰলৈকে কাৰাবাস যাৰ পৰিসৰ আজীৱনলৈকে বৃদ্ধি হ'ব পাৰে আৰু লগত নুন্যতম দহ লাখ টকাৰ জৰিমনা হ'ব পাৰে ।
🔴১১.অনুচ্ছেদ ৬০ : আবদ্ধ কৰা সামগ্ৰীৰ ওপৰত হকা-বাধা কৰাৰ শাস্তি
যদি কোনো ব্যক্তিয়ে খাদ্য সুৰক্ষা বিষয়াৰ অনুমতি অবিহনে এই আইনৰ অধীনত আবদ্ধ কৰা কোনো খাদ্য , গাড়ী, সামগ্ৰী, পেকেজ বা লেবেলিং বা বিজ্ঞাপন সামগ্ৰী ব অন্য বস্তুৰ ৰাখিব বিচাৰে, আঁতৰায়, তেন্তে তেওঁ ছয় মাহলৈকে কাৰাবাস আৰু জৰিমনা দুই লাখ টকালৈকে হ'ব পাৰে ।
🔴১২. অনুচ্ছেদ ৬১: ভুল তথ্যৰ বাবে শাস্তি
যদি কোনো ব্যক্তিয়ে এই আইনৰ অধীনত তেওঁ জনা তথ্যৰ কোনো ভুল তথ্য দিয়ে বা বিপথে পৰিচালিত কৰে, তেন্তে তেনে ব্যক্তিৰ তিনি মাহ পৰ্যন্ত কাৰাবাস আৰু দুই লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে ।
🔴১৩. অনুচ্ছেদ ৬২: এজন খাদ্য সুৰক্ষা বিষয়াক বাধা প্ৰদান কৰাৰ শাস্তি
যদি কোনো ব্যক্তিয়ে, কোনো বিশেষ সকাম নোহোৱাকৈ এজন খাদ্য বিষয়াৰ কাম-কাজত বাধা প্ৰদান কৰে, বা ভাবুকি প্ৰদান কৰে বা অৱয়মাননা কৰে, তেন্তে তেওঁৰ উচিত শাস্তি হ'ব ।
🔴১৪. অনুচ্ছেদ ৬৩. কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় চলোৱাৰ শাস্তি
যদি কোনো ব্যক্তিয়ে বা খাদ্য ব্যৱসায়ৰ কৰ্মীয়ে ( এই আইনৰ অনুচ্ছেদ ৩১ৰ উপ-অনুচ্ছেদ (২) অধীনত অনুজ্ঞা প্ৰদানকাৰী ব্যক্তিবিশেষ বাদ দি), নিজে বা অন্য কোনো ব্যক্তিয়ে তেখেতৰ হৈ যাক অনুজ্ঞাপত্ৰৰ লোৱাৰ প্ৰয়োজনীয়তা আছে, কোনো খাদ্য উৎপাদন কৰে, বিক্ৰী কৰে, জমা ৰাখে বা বিতৰণ কৰে , তেন্তে তেওঁ ছমাহ পৰ্যন্ত কাৰাবাস খটাৰ লগতে ৫ লাখ পৰ্যন্ত জৰিমনা ভৰিবলগা হ'ব পাৰে ।
🔴১৫. অনুচ্ছেদ ৬৪. ক্ৰমানুসৰে কৰা দোষৰ বাবে শাস্তি...
💠(১) যদি কোনো ব্যক্তিয়ে এই আইনৰ অধীনত কোনো দোষৰ বাবে জগৰীয়া হৈ জৰিমণা ভৰিছে আৰু পুণৰ একে দোষৰে পুণৰাবৃত্তি কৰে, তেন্তে তেওঁ নিম্নোক্ত শাস্তিৰ সমুখীন হ'ব লাগিব—
⭕A. প্ৰথমবাৰ কৰা দোষৰ শাস্তিৰ দুগুণ, অৱনশ্যে এই শাস্তি এই দোষৰ বাবে থকা শাস্তিৰ সৰ্বোচ্চ হ'ব লাগিব ।
⭕B. যি দোষ বাৰেবাৰে হৈ থকা বিধৰ, তেনে দোষৰ ক্ষেত্ৰত এক লাখ টকা পৰ্যন্ত দৈনিক ভাৱে লোৱা জৰিমনা, আৰু
⭕C. তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব ।
🔴(২) ন্যায়ালয়ে দোষীৰ নাম , ঠিকনা , দোষ আৰু জৰিমনাৰ সবিশেষ স্থানীয় বাতৰি কাকতত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব পাৰে , য'ত কাকতত প্ৰকাশৰ খৰছখিনিও দোষীৰ পৰা জৰিমণাস্বৰূপে আদায় কৰি লোৱা হ'ব ।
🔴১৬. অনুচ্ছেদ ৬৫: উপভোক্তাৰ মৃত্যুৰ ক্ষেত্ৰত অনুকম্পামূলক সাহাৰ্য...
⛔(১) এই অধ্যায়ৰ বাকীসমূহ নীতি-নিয়মৰ কথা সামৰি নোলোৱাকৈ যদি কোনো ব্যক্তিয়ে নিজে বা অন্য ব্যক্তিৰ হতুৱাই উৎপন্ন কৰা, বিতৰণ কৰা বা বিক্ৰী কৰা খাদ্যই কোনো উপভোক্তাৰ মৃত্যু ঘটায় , তেন্তে ন্যায়ালয়ৰ বিচাৰকৰ বাবে ভুক্তভোগীয়ে তলত দিয়াৰ ধৰণে ক্ষতিপূৰণ লাভ কৰাৰ বন্দোবস্ত কৰাটো অতি আদৰ্শমূলক কথা হয়—
⭕D. মৃত্যুৰ ক্ষেত্ৰত সৰ্বনিম্ন পাঁচ লাখ টকা ।
⭕E. বেদনাদায়ক আঘাটৰ বাবে সৰ্বাধিক তিনি লাখ টকা । আৰু
⭕F. অন্য আঘাটৰ বাবে সৰ্বোচ্চ এক লাখ টকা । ইয়াৰ ক্ষেত্ৰত এই ক্ষতিপূৰণ অতি শীঘ্ৰে (ঘটনাটো হোৱাৰ ছমাহৰ ভিতৰত) দিব লাগিব । আৰু মৃত্যুৰ ক্ষেত্ৰত এক ইন্টাৰিম সাহাৰ্য তিনিমাহৰ ভিতৰত দিব লাগিব ।
⛔(২) যদি কোনো ব্যক্তিয়ে কৰা কোনো দোষৰ বাবে কাৰোবাৰ মৃত্যু হয়, ন্যায়ালয়ে দোষীৰ নাম , ঠিকনা , দোষ আৰু জৰিমনাৰ সবিশেষ স্থানীয় বাতৰি কাকতত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব পাৰে , য'ত কাকতত প্ৰকাশৰ খৰছখিনিও দোষীৰ পৰা জৰিমণাস্বৰূপে আদায় কৰি লোৱা হ'ব ।
⛔(৩) ইয়াৰ ওপৰিও ন্যায় প্ৰদানকাৰী বিষয়াই বা ন্যায়ালয়ে,—
⭕G. অনুজ্ঞাপত্ৰৰ বাতিলৰ আদেশ, বজাৰৰ পৰা খাদ্য পুণৰ মগোৱা, সম্পত্তি বা স্থাৱৰ সম্পদৰ অধিগ্ৰহণ( উপভোক্তাৰ মৃত্যুৰ ক্ষেত্ৰত)
⭕H. অন্য ক্ষেত্ৰত নিষেধাজ্ঞাৰ আদেশ দিব পাৰে ।
🔴১৭. অনুচ্ছেদ ৬৬. কোম্পেনীৰ দ্বাৰা কৰা দোষ...
⭕(১)এই আইনৰ অধীনত যদি কোনো দোষ এটা কোম্পেনীয়ে কৰে, তেন্তে সেই অপৰাধ কৰা সময়ত উপস্থিত থকা সকলো পৰিদৰ্শক যি কোম্পেনীৰ কামৰ বাবে দায়িত্বশীল আছিল, তেওঁলোকক অপৰাধটোৰ বাবে জগৰীয়া কৰা হ'ব আৰু শাস্তিৰ বাবে যোগ্য হ'ব । যদিহে কোনো কোম্পেনীৰ কেইবাঠাইতো শাখা কাৰ্যালয় থাকে, তেন্তে সেই নিৰ্দিষ্ট শাখাটোত কৰ্মৰত মূৰব্বী বা পৰিদৰ্শক বা কৰ্তৃত্বশীল বিষয়াগৰাকীহে এই ক্ষেত্ৰত দায়বদ্ধ হ'ব । ইয়াত এইটোও কোৱা হৈছে যে যদি বিষয়া জনে এইটো প্ৰমাণ কৰিব পাৰে যে অপৰাধ কৰাৰ সময়ত তেওঁৰ জ্ঞানৰ বাহিৰত আছিলে, আৰু তেওঁ তেনে অপৰাধ সংঘটিত নহ'বৰ বাবে পাৰ্যমানে চেষ্টা কৰিছিল তেন্তে তেওঁ কোনো শাস্তিৰ সমুখীন নহ'ব ।
উদাহৰণঃ
এই অধ্যায়ৰ ক্ষেত্ৰত: —
⭕I. "কোম্পেনী "ৰ অৰ্থ হৈছে কৰ্পৰেট জগতৰ যিকোনো আৰু এখন ফাৰ্ম বা অন্য ব্যক্তিবিশেষৰ সংগঠন হ'ব পাৰে , আৰু
⭕J. এখন ফাৰ্মৰ "সঞ্চালক" বুজালে ফাৰ্মৰ এজন অংশীদাৰক বুজাব ।
🔴১৮. অনুচ্ছেদ ৬৭. খাদ্য ৰপ্তানীৰ ক্ষেত্ৰত এই আইনৰ উলংঘন কৰাৰ বাবদ অন্য আইনে কৰা জৰিমনাৰ বাহিৰেও হ'বপৰা জৰিমনা
💠(১) এই আইনৰ অধীনত কোনোৱে খাদ্য আমদানী কৰোতে কৰা অপৰাধৰ ফলত ভৰিব লগা জৰিমনা বেদিশী বাণিজ্য (উন্নয়ন আৰু চোৱা-চিতা) আইন, ১৯৯২ (১৯৯২ৰ ২২) আৰু কাষ্টম আইন(১৯৬২ৰ ৫২) মতে যদি জগৰীয়া হয়ও, তেতিয়ও এই আইনৰ মতে শাস্তি লাভ কৰিব ।
💠(২) তেনে কোনো খাদ্য বিনষ্ট কৰি পেলাব লাগিব, বা আমদানীকৰা লোকলৈ ঘুৰাই পঠিয়াব লাগিব,যদিহে সংশ্লিষ্ট প্ৰশাসনে বিদেশী বাণিজ্য (উন্নয়ন আৰু নীতি-নিয়ম)আইন, ১৯৯২ মতে বা কাষ্টম আইন(১৯৬২) বা অন্য কোনো আইনমতে অনুমতি প্ৰদান কৰে ||
◆◆◆◆◆◆◆
★ খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ আৰু অধিনিয়ম ২০১১
বিধিসমূহ আৰু কাম-কাজঃ
🔴 ড্ৰাগছ আৰু কছমেটিকছ আইন, ১৯৪০, ড্ৰাগছ আৰু কছমেটিকছ অধিনিয়ম, ১৯৪৫ (চতুৰ্থ সংশোধনী, ২০১৫)
⛔ ঔষধ তথা প্ৰসাধন সামগ্ৰী বা কছমেটিকছৰ আমদানি, প্ৰস্তুতি, বিতৰণ তথা বিক্ৰয় প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে।
🔴ঔষধ মূল্য নিয়ন্ত্ৰণ নিৰ্দেশনামা (ঔষধ মূল্য নিয়ন্ত্ৰণ সংশোধনী নিৰ্দেশ, ২০১৬)
⛔ প্ৰয়োজনীয় ঔষধ সমূহৰ সৰ্বাধিক মূল্য নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং প্ৰাধিকৰণৰ দ্বাৰা অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ ৩ নং ধাৰাৰ অধীনত সময়ে- সময়ে ঘোষণা কৰা হয়।
🔴 ড্ৰাগছ এণ্ড মেজিক ৰিমেডী (আপত্তিজনক বিজ্ঞাপন) আইন, ১৯৫৪
⛔ ঔষধ বা অন্যান্য উপায়ৰ আশ্চৰ্য্যকৰ গুণ আছে বুলি দাবী কৰা বিজ্ঞাপন নিষিদ্ধ বুলি ঘোষণা কৰাৰ লগতে তেনে কাৰ্য্যক শাস্তিযোগ্য দোষ বুলি স্বীকৃতি দিয়ে ।
🔴 নাৰ্কটিক ড্ৰাগ আৰু চাইক’ট্ৰপিক সামগ্ৰী আইন ১৯৮৫
⛔ নাৰ্কটিক ঔষধ সম্পৰ্কীয় বিধি সমূহ নিৰ্ধাৰণ কৰাৰ লগতে এনে নাৰ্কটিক ঔষধ আৰু চাইক’ট্ৰ্পিক সামগ্ৰী সম্পৰ্কীয় কাৰ্য্যাৱলীক নিয়ন্ত্ৰণ কৰে ||
●●●●●●●●● ●●●● ●●
★★ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩
🔴 সবিশেষ তথ্যঃ
ভাৰত চৰকাৰে ২০১৩ চনৰ ১০ চেপ্তেম্বৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন বলবৎ কৰে । সেই অনুসৰি আঁচনিখন সমাজৰ দুখীয়া শ্ৰেণীৰ সুবিধাৰ বাবে অসমতো বলবৎ কৰা হ'ল। এই আঁচনিৰ অধীনত ৰাজ্যখনত প্ৰায় ৫৫ লাখ পৰিয়ালক সামৰি লোৱা হ'ব। অসমত এই আঁচনিখন ২০১৫ বৰ্ষৰ ২৪ জানুৱাৰী তাৰিখত শুভাৰম্ভ কৰা হয়। আঁচনি খনৰ ৰূপায়নৰ বাবে, "অগ্ৰাধিকাৰ প্ৰাপ্ত (Priority Household)" আৰু "অন্ত্যোদয়া অন্ন যোজনা (AAY)" নামেৰে দুই প্ৰকাৰৰ পৰিয়াল পৰিচয় পত্ৰ (Ration card) বিতৰণ কৰা হৈছে। প্ৰতিমাহে "অগ্ৰাধিকাৰ প্ৰাপ্ত" পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালসমূহক পৰিয়ালৰ সদস্যই প্ৰতি ৫ কেজিকৈ আৰু "অন্ত্যোদয়া অন্ন যোজনা" পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালসমূহক প্ৰতি ৩৫ কেজিকৈ ৩ টকা দৰত চাউল যোগান ধৰা হয়।
⭕ লক্ষ্যঃ
খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষাৰ বাবে ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ ৮৪.১৭ শতাংশ আৰু চহৰাঞ্চলৰ ৬০.৩৫ শতাংশ জনসংখ্যাক সামৰি লোৱা।দুখীয়া মানুহক তেওঁলোকে বহন কৰিব পৰা দৰত খাদ্যৰ উচিত পৰিমাণ উপলব্ধ হোৱাটো নিশ্চিত কৰা । পুষ্টিহীনতাত ভোগা শিশুক স্থানীয় অঙ্গনবাড়ীৰ দ্বাৰা বিনামূলীয়া খাদ্য যোগান ধৰা।৷
Comments
Post a Comment