আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বঁটাসমূহ...
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে
নাৰী শক্তি পুৰস্কাৰঃ (পূৰ্বতে আছিল স্ত্ৰী শক্তি পুৰস্কাৰ) হৈছে মহিলাই আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বিশেষ বঁটা। সৰ্বমুঠ ছয়টা শিতানত এই বঁটা প্ৰদান কৰা হয়। কঠিন পৰিস্থিতিৰ মাজতো অদম্য সাহসৰ বলত ব্যক্তিগত, সামাজিক আৰু পেছাদাৰী জীৱনত উৎকৃষ্ট ফলাফল দেখুৱা নাৰীক এই বঁটা প্ৰদান কৰা হয়। লগতে মহিলা সবলীকৰণ আৰু মহিলাৰ সামাজিক স্থিতিৰ উন্নতি সাধন কৰাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা এই বঁটা ভাৰতীয় ইতিহাসৰ বীৰাংগনা সকলৰ নামেৰে নামকৰণ কৰা হৈছে।
তলত উল্লেখ কৰা শ্ৰেণী সমূহত এই বঁটা প্ৰদান কৰা হয়ঃ---
১|★ দেৱী অহল্যা বাঈ হলকাৰ বঁটাঃ●
১৮শ শতিকাৰ মালৱা ৰাজ্যৰ ৰাণী অহল্যাবাই হলকাৰৰ নামত।
২|★ কান্নাগী বঁটাঃ●
কিংবদন্তিমূলক তামিল মহিলা কান্নাগীৰ নামত|
৩|★ মাতা জিজাবাঈ বঁটাঃ●
১৭শ শতিকাৰ মাৰাঠা সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা ছত্ৰপতি মাতৃ জিজাবাইৰ নামত|
৪|★ ৰাণী গাইডিনলিউ জেলিয়াং বঁটাঃ●
বিংশ শতিকাৰ নগা আধ্যাত্মিক তথা ৰাজনৈতিক নেত্ৰী ৰাণী গাইডিনলিউৰ নামত|
৫|★ ৰাণী লক্ষ্মীবাঈ বঁটাঃ●
স্বাধীনতা সংগ্ৰামী ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ নামত|
৬|★ ৰাণী ৰুদ্ৰাম্মা দেৱী বঁটাঃ●
(এই বঁটা মহিলা আৰু পুৰুষ উভয়কে প্ৰদান কৰা হয়।) ১৩শ শতিকাৰ ডেক্কান মালভূমিৰ ৰাণী ৰুদ্ৰাম্মা দেৱীৰ নামত ||
১৯৯১ চনত পোন প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। সেই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৮ মাৰ্চ তাৰিখে নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটাৰ শুভাৰম্ভণি কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে এই বঁটা প্ৰদান কৰা হয়। পূৰ্বতে এই বঁটাৰ নাম " স্ত্ৰী শক্তি পুৰস্কাৰ " আছিল। পিছত ইয়াৰ নাম " নাৰী শক্তি পুৰস্কাৰ " কৰা হ'ল।
উল্লেখযোগ্য যে, এই বঁটাৰ লগত পূৰ্বতে ১ লাখ টকা আৰু এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছিল। বৰ্তমান ইয়াৰ ধনৰাশি ৩ লাখ টকা কৰা হৈছে ||
©তথ্যঃ সংগৃহীত
Comments
Post a Comment