২৪ এপ্ৰিলঃ
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসঃ
ভাৰতৰ পঞ্চায়ত মন্ত্ৰালয়ে প্ৰতিবছৰে ২৪ এপ্ৰিল তাৰিখে গোটেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সজাগতাৰ সৃষ্টিৰ বাবে উদযাপন কৰে পঞ্চায়তী ৰাজ দিৱস।
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ দিনা স্থানীয়, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ভাৰত চৰকাৰৰ পঞ্চায়ত মন্ত্ৰণালয় আৰু ৰাজ্যিক চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে এই দিৱসৰ মূল কাৰ্যসূচী নিৰূপণ কৰে। এই দিৱসৰ দিনা গাঁও পঞ্চায়তৰ কাৰ্যালয় সমূহত সভা-সমিতিৰ আদিৰ জৰিয়তে স্থানীয় জনসমাজৰৰ মাজত স্বায়ত্ব শাসনৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ লগতে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা হয়।
১৯৯৩ চনৰ ২৪ এপ্ৰিল তাৰিখে সংবিধানৰ ৭৩তম সংশোধনী আইন কাৰ্যকৰী হৈছিল। ১৯৯৩ চনত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান সমূহে সাংবিধানিক স্বীকৃতি লাভ কৰিছিল। এই আইন গৃহীত হোৱাৰ দিনটোতে
২০১০ চনৰ ২৪ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ ঘোষণা কৰিছিল।
পঞ্চায়ত ব্যৱস্থাঃ
ৰাজ্য চৰকাৰে জাননী জাৰি কৰি যিকোনো স্থানীয় অঞ্চল এটাক গাঁও পঞ্চায়ত বুলি ঘোষোণা কৰিব পাৰে। এখন ৰাজহ গাঁও বা কেইবাখনো ৰাজহ গাঁও বা এখন বনগাঁও বা এটি চাহ বাগিচা অঞ্চল নাইবা অইন তেনে প্ৰশাসনীয় গোট বা ইয়াৰ অংশ এটাৰদ্বাৰা গাঁও পঞ্চায়ত বুলি ঘোষণা কৰা অঞ্চলটো গঠিত হ’ব। এখন গাঁও পঞ্চায়তত ৬০০০ তকৈ কম আৰু ১০,০০০ তকৈ বেছি জনসংখ্যা থাকিব নোৱাৰে। এখন গাও পঞ্চায়তে ইয়াৰ প্ৰথম বৈঠক অনুষ্ঠিত হোৱা তাৰিখৰ পৰা ৫ বছৰীয়া কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰে।
■■■■■
অসম পঞ্চায়ত আইনঃ
প্ৰস্তাৱনাঃ
এইখন আইনৰদ্বাৰা অসমৰ পঞ্চায়ত সম্পৰ্কীয় আইন-কানুনসমূহৰ সংশোধন আৰু সংহতকৰণ কৰিবলৈ বিচৰা হৈছে।
অসমৰ পঞ্চায়তসমূহৰ আইনকানুনবোৰ সংশোধন আৰু সংহতকৰণ কৰিবলৈ আৱশ্যকীয় বুলি বিবেচনা কৰি, ভাৰত গণৰাজ্যৰ ৪৫ তম বছৰটোত অসম পঞ্চায়ত আইনখন তলত দিয়া ধৰণে বিধিবদ্ধ কৰা হৈছে—
(১) এইখন আইনক অসম পঞ্চায়ত আইন ১৯৯৪ বুলি কোৱা হ’ব।
(২) অসমৰ গ্ৰামাঞ্চলৰ সকলো ঠাইতে ই প্ৰযোজ্য হ’ব। সংবিধানৰ ষষ্ঠ অনূসূচিত অন্তৰ্ভুক্ত অসমৰ স্বায়ত্ব শাসিত জিলা কেইখন এই আইনৰ পৰিসৰৰ বাহিৰত থাকিব। ১৯৫৬ চনৰ অসম পৌৰ আইন আৰু ১৯২৪ চনৰ অসম ‘কেন্টনমেন্টৰ আইন অনুসৰি গঠিত হোৱা পৌৰ সভা নতুবা নগৰ সমিতি অথবা কেন্ট’নমেন্টৰ অন্তৰ্ভুক্ত কৰা বা কৰিবলৈ বিচৰা অঞ্চলসমূহ এই আইনৰ পৰিসৰৰ বাহিৰত থাকিব।
(৩) তৎমুহূৰ্ততে ই আইনত পৰিণত হ’ব।
সংজ্ঞাঃ
২। বিষয়বস্তু আৰু প্ৰস্ংগৰ কোনো ধৰণৰ বিসংগতি নাথাকিলে এই আইন অনুসৰিঃ---
(১) গাওঁ পঞ্চায়ত এলেকাৰ ভিতৰুৱা এখন গাঁওৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসমূহৰ দ্বাৰা গঠিত নিকায়টোক গাওঁসভা বুলি বুজোৱা হ’ব।
(২) এই আইনৰদ্বাৰা স্থাপিত গাঁও পঞ্চায়তকে, ‘গাঁও পঞ্চায়ত’ বুলি বুজোৱা হ’ব।
(৩) এই আইন অনুসৰি গঠন কৰা আঞ্চলিক পঞ্চায়তেই হ’ল ‘আঞ্চলিক পঞ্চায়ত’।
(৪) এই আইন অনুসৰি প্ৰতিষ্ঠা কৰা ‘জিলা পৰিষদকে ‘জিলা পৰিষদ বুলি বুজোৱা হ’ব।
(৫) ‘স্থনীয় কৰ্তৃপক্ষই’ গাঁও সভা, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ, পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতিক অন্তৰ্ভুক্ত কৰে।
(৬) চৰকাৰী ৰাজপত্ৰত প্ৰকাশিত জাননীকেই জাননী বোলা হয়।
(৭) পঞ্চায়তীৰাজ নিকায় বুলিলে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক বুজায়।
(৮) মহিলাই হওক বা পুৰুষেই হওক, যিজন ব্যক্তিৰ ১৮ বছৰ পুৰ হৈছে, তেওঁক প্ৰাপ্তবয়স্ক বোলা হ’ব।
(৯) এখন জিলাৰ ৰাজস্ব তথ্য বহীত গাঁও হিচাপে লিখিত থকা যিকোনো স্থানীয় অঞ্চল বা এলেকাকে গাঁও বুলি বুজোৱা হ’ব। এই আইনখনৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে কোনো বিশেষ বা সধাৰণ আদেশৰ দ্বাৰা যিকোনো অঞ্চল এটাক গাঁও হিচাপে ঘোষণা কৰিব পাৰে।
(১০) সমবায় সমিতিসমূহক নিয়ন্ত্ৰিত কৰা যিকোনো কেন্দ্ৰীয় আইন নতুবা অসম সমবায় সমিতিসমূহ আইন, ১৯৪৯ অনুসৰি পঞ্জীভূত হ’ল বুলি ধৰি লোৱা এখন সমিতিকে ‘সমবায় সমিতি’ বুলি বুজোৱা হ’ব।
(১১) গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ এজন সদস্যক ‘সদস্য’ বুলি ধৰা হ’ব।
(১২) গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ বাবে তেওঁৰ পদবীৰ গুণত নিযুক্ত হোৱা এজন সদস্যক ‘পদেন সদস্য’ বুলি বুজোৱা হ’ব। সাংসদ সদস্য, বিধান সভাৰ সদস্য, ৰাজ্য চৰকাৰৰ বিষয়া, স্থানীয় সমবায় সমিতি সমূহৰ প্ৰতিনিধি আৰু স্থনীয় অনূসূচিত আৰু অনূসূচিত নোহোৱা বেংক সমূহৰ প্ৰতিনিধিও এনে সদস্য অন্তৰ্ভুক্ত হ’ব পাৰে।
(১৩) গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ সদস্য হিচাপে সহ নিযুক্ত কৰা সদস্যৰ অন্তৰ্ভুক্ত হ’ব পাৰে।
(১৪) অসম ৰাজ্য সাপেক্ষে ভাৰতীয় সংবিধানৰ ৩৪১ নং অনুচ্ছেদ অনুসৰি যি জাতি, প্ৰজাতি বা জনজাতি বা তেনে জাতি, প্ৰজাতি বা জনজাতিৰ ভিতৰুৱা এটা অংশ বা দলক ‘অনুসূচিত জাতি’ বুলি বুজোৱা হ’ব।
(১৫) অসম ৰাজ্য সাপেক্ষে ভাৰতীয় সংবিধানৰ ৩৪২ নং অনুচ্ছেদ অনুসৰি যি জনজাতি বা জনজাতীয় সম্প্ৰদায়ক অনূসূচিত জনজাতি বুলি ধৰি লোৱা হৈছে, তেনে জনজাতি বা জনজাতীয় সম্প্ৰদায়ক ‘অনুসূচিত জনজাতি’ বুলি ধৰি লোৱা হ’ব।
(১৬) ভাৰতীয় পেনেলকোড, ১৮৬০ ৰ ২১ নং ধাৰাত বৰ্ণিত অসামৰিক বিষয়াক ‘অসমাৰিক বিষয়া’ বুলি বুজোৱা হ’ব।
(১৭) যিকোনো স্থানীয় কৰ্তৃপক্ষ বা চৰকাৰৰ অধীনস্থ সম্পত্তিকেই ৰাজহুৱা সম্পত্তি বুলি বুজোৱা হ’ব।
(১৮) এখন ৰাজ্যৰ জিলা এখনকে জিলা বুলি বুজোৱা হ’ব।
(১৯) স্থানীয় কৰ্তৃপক্ষৰ প্ৰশাসনিক এলেকাৰ ভিতৰুৱা যিকোনো এখন ঠাইকে, য’ত সমূহ ৰাইজে নিজৰ বা পোহনীয়া গৰু-গাইৰ ভোগ্য সামগ্ৰী নতুবা পোহনীয়া জীৱ-জন্তু বা অইন পণ্য সমগ্ৰী কিনিবলৈ বা বেচিবলৈ, দৈনিক বা দ্বি-সাপ্তাহিক বা সময়ে সময়ে মিলিত হয়, তাকেই ‘বজাৰ, হাট বা মাৰ্কেট’ বুলি বুজোৱা হ’ব।
(২০) মানুহ অনা- নিয়া কৰিবলৈ স্প্ৰীং হিচাবে বা সাধাৰণভাৱে ব্যৱহাৰ কৰা স্প্ৰীংযুক্ত যিকোনো চকা লগোৱা যানকে ‘বাহন’ বুলি বুজোৱা হ’ব। সকলো প্ৰকাৰৰ দুচকীয়া যান, তিনিচকীয়া যান, ৰিক্সা আৰু ইঞ্জিন চালিত বা ইঞ্জিন বিহীন সাধাৰণ শ্ৰেণীৰ নাও ‘বাহন’ৰ অন্তৰ্ভুক্ত হ’ব। কিন্তু মটৰ গাড়ী আৰু পেৰালম্বুলেটৰ ইয়াৰ ভিতৰত নপৰে।
(২১) উপধাৰা ৩ ত অন্তৰ্ভুক্ত নথকা স্প্ৰীংযুক্ত চকা লগোৱা বা ঘোৰা চালিত যিকোনো গাড়ীকে গাড়ী বুলি বুজাব।
(২২) গৰু-গাই অনুপ্ৰৱেশ আইন, ১৯৮১ ৰ অন্তৰ্ভুক্ত চাৰিঠেঙীয়া জন্তুকে ‘গৰু-গাই’ বুলি বুজোৱা হ’ব।
(২৩) ‘অভিযোগ’ আৰু ‘অপৰাধ’ শব্দ দুটাই ‘ডি ক’ড অৱ ক্ৰিমিনেল প্ৰচিডিঅ’ৰ ১৯৭৩ ৰ ধাৰা ২ ত নিৰ্দ্ধাৰিত কৰি দিয়া অৰ্থ বহন কৰিব।
(২৪) ‘উপবিধি’য়ে এই আইন অনুসৰি বিধিবদ্ধ কৰা আৰু অনুমোদিত হোৱা উপবিধিক বুজাব।
(২৫) ‘ডিগ্ৰী ধাৰক’, ‘ৰায়দান,’ ধৰুৱা, ন্যায়িক প্ৰতিনিধি আৰু ‘অস্থাৱৰ সম্পতি’শব্দ কেইটাই দি ক’ড অৱ চিভিল প্ৰচিডিঅৰ, ১৯৮৮ ৰ ধাৰা ২য়ে নিৰ্দ্ধাৰণ কৰি দিয়া অৰ্থ বহন কৰিব।
(২৬)(ক) প্ৰত্যেক বছৰৰে এপ্ৰিল মাহৰ ১ তাৰিখে আৰম্ভ হৈ পাছৰ বছৰৰ মাৰ্চ মাহৰ ৩১ তাৰিখে শেহ হোৱা বছৰটোকে ‘বিত্তীয় বছৰ’ বুলি ধৰা হ’ব।
(খ) জুলাই মাহৰ ১ তাৰিখে নতুবা ৰাজ্য চৰকাৰে জাননী জাৰি কৰি নিৰ্দ্ধাৰণ কৰি দিয়া তেনে অন্য কোনো তাৰিখে আৰম্ভ হোৱা বছৰটোকে ‘পঞ্চায়ত বছৰ’ বুলি বুজোৱা হ’ব।
(২৭) বসবাস কৰি থকাৰ উদ্দেশ্যেৰে এটা পৰিয়ালে ব্যৱহাৰ কৰি থকা বা ততোধিক ঘৰকে গৃহস্থী বুলি বুজোৱা হ’ব।
(২৮) এই আইন অনুসৰি প্ৰণয়ন কৰা নিয়মকে ৰাজ্য চৰকাৰে দিয়া লিখিত নিৰ্দেশ বুলি বুজোৱা হ’ব।
(২৯) ‘মোকৰ্দমা’, বিহিত ব্যৱস্থা নতুবা গোচৰৰ বাহিৰে এই আইনে বিশেষভাৱে সূচিত কৰি দিয়া যিকোনো মোকৰ্দমাকে মোকৰ্দমা বুলি ধৰি লোৱা হ’ব।
(৩০) নদী, সূঁতি, নলা, খাল, নাদ আৰু পকী নলা, জল প্ৰৱাহৰ অন্তৰ্গত হ’ব।
(৩১) ওপৰঞ্চি আৰোপে অতিৰিক্ত আৰোপ বা পৰিশোধক পৰিশোধনকে বুজাব।
(৩২) ৰাজ্য চৰকাৰে সময়ে সময়ে জাননী জাৰি কৰি গঠন কৰি দিব পৰা বিভাগসমূহ, এই আইনৰ ব্যৱস্থাৱলীৰ অধনীৰ ‘উন্নয়ন বিভাগসমূহৰ’ অন্তৰ্ভুক্ত হ’ব।
(৩৩) পঞ্চায়ত আৰু গ্ৰমোন্নয়ণ বিভাগ, অসমৰ সৈতে জৰিত বিভাগকে ৰাজ্য চৰকাৰ বুলি বুজোৱা হ’ব।
(৩৪) গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিসদৰ নিৰ্বাচিত সভাপতিজনকে, (যিজন চৰকাৰী বিষয়া নহয়) ‘সভাপতি” বুলি বুজোৱা হ’ব।
(৩৫) গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিসদৰ উপসভাপতি হিচাপে নিৰ্বাচিত হোৱা চৰকাৰী বিষয়াৰ বাব নথকা ব্যক্তিজনকে ‘সভাপতি’ বুলি বুজোৱা হ’ব।
(৩৬) পুৰুষেই হওক বা মহিলাই হওক, (যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদ বা জিলা পৰিকল্পনা সমিতিৰ চৰকাৰী বিষয়াৰ খিতাপ নথকা নিৰ্বাচিত ব্যক্তি গৰাকীক সভাপতি বুলি বুজোৱা হ’ব।
(৩৯) “কাৰ্যবাহী বিষয়া” বুলিলে খণ্ড উন্নয়ণ বিষয়াজনকে বুজোৱা হ’ব। তেখেতে এটা আঞ্চলিক পঞ্চায়তৰ কাৰ্যবাহী বিষয়া হিচাপে কাম-কাজ চলাব। আঞ্চলিক পঞ্চায়তৰ চাৰিসীমা, উন্নয়ন খণ্ডটোৰ চাৰিসীমাৰ সৈতে একে হ’ব।
(৪০) ‘সম্পাদক বুলিলে গাঁও পঞ্চায়তৰ সম্পাদককে বুজোৱা হ’ব।
(৪১) চৰকাৰে তেনেদৰে জাননী জাৰি কৰি নিযুক্তি দিয়া জিলা উপায়ুক্তকে ‘জিলা উপায়ুক্ত’ বুলি বুজোৱা হ’ব। ‘জিলা উপায়ুক্ত’ পাৰিভাষিক শব্দটোৱে অতিৰিক্ত উপায়ুক্ত এটা দূৰৱৰ্তী মহকুমাৰ মহকুমাধিপতিকো বুজাব।
জিলা পৰিকল্পনা সমিতিৰ গঠনঃ---
৩।(১) জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত, নগৰ সমিতি, পৌৰসভা, পৌঅৰ নিগমে প্ৰস্তুত কৰা পৰিকল্পনাক একীকৃত ৰুপ দিবলৈ আৰু সমগ্ৰ জিলাখনত বাবে এটি ৰ্চৰা উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ, চৰকাৰে প্ৰতিখন জিলাৰ বাবে এখনকৈ জিলা পৰিকল্পনা সমিতি গঠন কৰি দিব।
২। তলত উল্লেখ কৰা সদস্যসমূহৰে জিলা পৰিকল্পনা সমিতি গঠন হ’বঃ---
(ক) জিলাখনক আংশিকভাৱে বা সামগ্ৰীকভাৱে [প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সংসদৰ সদস্য।
(খ) অসম বিধান সভাৰ সদস্য। তেওঁৰ সমষ্টিৰ বেছিভাগ অঞ্চল জিল;আসনৰ চাৰিসীমাৰ ভিতৰত থাকিব।
(গ) জিলা পৰিষদৰ সভাপতি।
(ঘ) মেয়ৰ বা পৌৰ নিগম/পৌৰ সভা/ নগৰ সমিতিৰ সভাপতি(যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হ)।তেওঁৰ ক্ষমতাৰ পৰিসৰ জিলা সদৰলৈ বিস্তৃত।
(ঙ)জিলা পৰিকল্পনা সমিতিৰ মুঠ সদস্য সংখ্যাৰ, যিটো চৰকাৰে বিশেষভাৱে নুইৰ্ধাৰণ কৰিব দিব পাৰে, ৪/৫ অংশতকৈ কম নোহোৱাকৈ সিমান স্ংখ্যক সদস্য। এই সদস্য সকল চৰকাৰে লিখিতভাৱে নিৰ্দিষ্ট কৰি দিয়া পদ্ধতিৰে জিলাখনৰ জিলা পৰিষদৰ সদস্য, পৌৰ নিগমৰ কাউঞ্চিলৰ বা পৌৰ সভাৰ সদস্য(যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) আৰু নগৰ সমিতিৰ সদস্য সকলৰ মাজৰ পৰা আৱৰ্তিত প্ৰক্ৰিয়া অনুসৰি বছৰেকীয়া হিচাবে নিৰ্বাচিত হ’ব লাগিব। এনে সদস্য সংখ্যা আৰু চহৰ অঞ্চলৰ জনসংখ্যাৰ সামানুপাতিক হোৱাকৈ নিৰ্দ্ধাৰিত কৰ হ’ব।
(৩) পদেন সদস্য হিচাপে জিলা উপায়ুক্তজন এই সমিতিৰ স্থায়ী আমন্ত্ৰিত বিষয়া হ’ব।
(৪) জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজকন সমিতিৰ পদেন সদস্য হ’ব।
(৫) জিলা পৰিষদৰ সভাপতিজন জিলা [পৰিকল্পনা সমিতিৰ পদেন সভাপতি হ’ব।
(৬) জিলা পৰিকল্পনা সমিতিয়ে জিলাখনৰ অন্তৰ্গত জিলা পৰিষদ, আঞ্চলিক পঞ্চয়ত আৰু গাওঁ পঞ্চায়ত নগৰ সমিতুই পৌৰ সভা পৌৰ নিগমসমূহে প্ৰস্তুত কৰা আঁচনি সমূহ প্ৰস্তুত কৰিব। সমিতিখনে সমগ্ৰ জিলাখনৰ বাবে অন্য এখন খচৰা উন্নয়ন আঁচনি প্ৰস্তুত কৰিব।
(৭) খচৰা উন্নয়ন আঁচনি খন প্ৰস্তুত কৰোতে প্ৰতিখন জিলা পৰিকল্পনা সমিতিয়ে তলৰ বিষয় সমূহলৈ লক্ষ্য কৰিবঃ----
(ক) (১) জিলাখনৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত, পৌৰ সভা বা পৌৰ নিগম (যি ক্ষেত্ৰত যিটো ম্প্ৰযোজ্য হয়) আৰু নগৰ সমিতিৰ উমৈহতীয়া স্বাৰ্থ জড়িত থকা বিষয়সমূহ, খণ্ডভিত্তিক পৰিকল্পনা, পানীৰ বিতৰণ আৰু অইন ভৌতিক আৰু প্ৰাকৃতিক সম্পদ সমূহৰ সমবিতৰণ, পৰিবেশ সংৰক্ষণ আৰু আন্তঃগাঠনি সমূহৰ সমন্বিত উন্নয়নো ইয়াৰ অন্তৰ্ভুক্ত হ’ব।
(২) বিত্ত বিষয়কে হওক নতুবা অন্যধৰণৰে হওক ব্যৱহাৰ কৰিব পৰা অৱস্থাত থকা সম্পদৰ পৰিসৰ আৰু প্ৰকাৰ।
(৩) ৰাজ্যপালে নিৰ্দেশৰ দ্বাৰা নিৰ্দিষ্ট কৰি দিয়া ধৰণৰ পৰামৰ্শ মানি চলা আৰু কোনো সংস্থাৰ সৈতে পৰামৰ্শ কৰা।
(৮) ৰাজ্য চৰকাৰে বান্ধি দিয়া নিৰ্দ্ধাৰিত সময়ৰ ভিতৰতে অনুমোদন কৰিবলৈ, প্ৰতিখন জিলা পৰিকক্ল্পনা সমিতিৰ সভাপতিয়ে জিলা পৰিকল্পনা আচঁনিখন চৰকাৰলৈ প্ৰেৰণ কৰিব।।
●●●●●
১৯৫৯ চনত অসম পঞ্চায়ত আইন গৃহীত হয়। এই আইন মতে স্থানীয় কৰ্তৃপক্ষবোৰক তিনি তৰপীয়া কৰা হয়। ইয়াৰ নিম্নতম পৰ্যায়ত গাঁও পঞ্চায়ত, মধ্যম পৰ্যায়ত আঞ্চলিক পৰ্যায়ত আৰু সৰ্ব্বোচ্চ পৰ্যায়ত মহকুমা পৰিষদ গঠন কৰা হয়। ইয়াৰ ফলত পূৰ্বৰ স্থানীয় কৰ্তৃপক্ষ স্বৰূপে মিউনিচিপেলিটি আৰু আঞ্চলিক পঞ্চায়তবোৰে শিক্ষাৰ দায়িত্ব আৰু কৰ্তৃত্ব পালন কৰে।
১৯৬২ চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰস্তুত কৰা হয়। এই আইনে ১৯৫৯ চনৰ পঞ্চায়ত আইন অনুসৰি শিক্ষাৰ দায়িত্ব গাওঁ অঞ্চলত গাওঁ পঞ্চায়ত আৰু নগৰ অঞ্চলত নগৰ সমিতি সমূহৰ হাতত অৰ্পণ কৰে। ৰাজ্যিক শিক্ষা মন্ত্ৰীক অধ্যক্ষ স্বৰূপে লৈ এখন প্ৰাথমিক শিক্ষাৰ ৰাজ্যিক পৰিষদ গঠন কৰা হয়। এই পৰিষদে শিক্ষা পৰিচালনা আৰু নিয়ন্ত্ৰণ আদি সম্বন্ধে ৰাজ্যিক চৰকাৰক পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি গাওঁ পঞ্চায়তবোৰৰ লগত ৰাজ্যিক শিক্ষা পৰিষদৰ যোগাযোগ আৰু সমন্বয় ৰক্ষা কৰি চলিবৰ বাবে খণ্ড উন্নয়ন বিষয়াসকলক দায়িত্ব দিয়া হয়। ইয়াৰ ফলত প্ৰাথমিক শিক্ষাৰ প্ৰশাসনীয় দিশৰ বিভিন্ন পৰ্যায়ৰ মাজত সহযোগিতা স্থাপনৰ ব্যৱস্থা কৰা হয়।
১৯৭২ চনৰ অসম পঞ্চায়তী ৰাজ আইনঃ
অসমত দ্বিতীয়খন পঞ্চায়তী ৰাজ আইন ১৯৭২ চনত গৃহীত হয়। এই আইন স্বায়ত্ব শাসিত জিলাকেইখনৰ বাহিৰে অসমৰ চাহ বাগানসমূহকে ধৰি সমগ্ৰ অঞ্চলৰ বাবে বলবত্ কৰা হয়। এই আইনৰ প্ৰধান বিশেষত্ব এয়ে যে পূৰ্বৰ তিনি তৰপীয়া কৰ্তৃপক্ষৰ সলনি ইয়াত দুই তৰপীয়া কৰ্তৃপক্ষ কৰা হয়। এই কেইটা হৈছে নিম্ন পৰ্যায়ত গাওঁ পঞ্চায়ত আৰু উচ্চ পৰ্যায়ত মহকুমা পৰিষদ। পূৰ্বৰ আইন মতে ইয়াৰ মধ্যৱৰ্তী পৰ্যায় স্বৰূপে থকা আঞ্চলিক পৰ্যায়ত বিলুপ্ত কৰা শিক্ষা আৰু সংস্কৃতিমূলক ক্ৰিয়াসমূহ তলত উল্লেখ কৰা হৈছে।
গাওঁ পঞ্চায়তৰ কৰ্তব্যঃ
১। গাঁৱলীয়া অঞ্চলৰ লোকসকলৰ উপকাৰৰ বাবে ৰেডিঅ’-চেট্ পৰিচালনা কৰা আৰু গ্ৰাম্য শ্ৰোতাসকলৰ সামাজিক কেন্দ্ৰ সুসংগঠিত কৰা।
২। পুথিভঁৰাল আৰু অন্যান্য শিক্ষা কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা।
৩। কলা আৰু সংস্কৃতিৰ উত্কৰ্ষ সাধনৰ বাবে নাট্যশালা আৰু অৱসৰ বিনোদনৰ কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা।
৪। খেলা-ধূলা আদি জনপ্ৰিয় কৰি তোলা আৰু তাৰ বাবে সংঘ বা কেন্দ্ৰ আদি স্থাপন কৰা।
৫। ৰাষ্ট্ৰীয় সপ্তাহ অথবা দিৱস আদি উদযাপন কৰা।
মহকুমা পৰিষদৰ কৰ্তব্যঃ
১। উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ পৰ্যায়লৈকে শিক্ষা বিস্তাৰ কৰা।
২। স্কুলঘৰ সজা আৰু পৰিচালনা কৰা আৰু স্কুলৰ সা-সঁজুলি আৰু খেলপথাৰ আদিৰ ব্যৱস্থা কৰা।
৩। কলা আৰু সংস্কৃতিৰ বিকাশ সাধনৰ বাবে নাট্যমঞ্চ অথবা কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা।
৪। স্কুলত মধ্যাহ্ন ভোজনৰ আয়োজন কৰা আৰু স্কুল প্ৰাংগণত ফল-মূলৰ বাগিছা আৰু শাক-পাচলিৰ বাগান স্থাপন কৰা।
৫। জাতীয় সপ্তাহ আৰু দিৱস আদি পালন কৰা।
৬। প্ৰদৰ্শনী, শিক্ষামূলক ভ্ৰমণ, আলোচনা চক্ৰ আদিকে ধৰি আন আন শিক্ষামূলক উদ্দেশ্য পূৰণ কৰা।
৭। পঞ্চায়তী ৰাজ সম্বন্ধে পুথি প্ৰকাশ কৰাকে ধৰি প্ৰচাৰ কাৰ্য চলোৱা।
১৯৮৬ চনৰ অসম পঞ্চায়তী ৰাজ আইনঃ
১৯৭২ চনৰ পঞ্চায়তী ৰাজ আইনখন আৱশ্যকীয় সংশোধন কৰিবৰ বাবে ১৯৮৬ চনত তৃতীয়খন পঞ্চায়তী ৰাজ আইন গৃহীত কৰা হয়। অসমৰ স্বায়ত্ব শাসিত জিলাকেইখনৰ বাহিৰে সমগ্ৰ অসমৰ গ্ৰাম্য অঞ্চলৰ বাবে এই আইন কাৰ্যকৰী কৰা হয়। এই আইনৰ উল্লেখযোগ্য সংশোধন হৈছে পূৰ্বৰ দুই তৰপীয়া স্থানীয় কৰ্তৃপক্ষৰ শাসন ব্যৱস্থা প্ৰচলন কৰা হয়। এই কেইটা হৈছে- গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ। এই তিনি তৰপীয়া স্থানীয় প্ৰশাসনৰ শিক্ষা আৰু সংস্কৃতিমূলক কাৰ্যকলাপো নিম্নলিখিতভাৱে নিৰ্ধাৰণ কৰা হয়।
গাওঁ পঞ্চায়তৰ দায়িত্বঃ
ক। পুথিভঁৰাল, পাঠাগাৰ, সংঘ অথবা অৱসৰ সময় বিনোদনৰ বাবে খেলা-ধূলাৰ স্থান নিৰ্ণয়, স্থাপন আৰু পৰিচালনা কৰা।
খ। গ্ৰাম্য ক্ৰীড়া জনপ্ৰিয় কৰি তোলা, জাতীয় আৰু জনসাধাৰণৰ উত্সৱ পৰ্ব আদি সংগঠন আৰু উদযাপন কৰা।
গ। মজলীয়া ইংৰাজী আৰু মজলীয়া দেশীয় ভাষাৰ স্কুল পৰ্যায়লৈকে শিক্ষা বিস্তাৰ কৰা।
ঘ। যুৱক সংঘ আৰু অন্যান্য অৱসৰ সময় বিনোদনৰ স্থানসমূহ স্থাপন আৰু তাৰ পৰিচালনা কৰা।
ঙ। কলা-সংস্কৃতি আদিৰ বিকাশ সাধনৰ বাবে নাট্যশালা স্থাপন আৰু তাৰ পৰিচালনা কৰা।
আঞ্চলিক পঞ্চায়তৰ দায়িত্বঃ
ক। মজলীয়া স্কুলৰ ওপৰ পৰ্যায়ৰ শিক্ষা বিকাশ কৰা।
খ। কলা-সংস্কৃতিৰ বিকাশ সাধনৰ বাবে নাট্যশালা স্থাপন আৰু পৰিচালনা কৰা।
মহকুমা পৰিষদৰ দায়িত্বঃ
ক। ৰাজ্যিক চৰকাৰৰ নিৰ্দেশনা ক্ৰমে আঞ্চলিক পঞ্চায়তৰ আয়-ব্যয়ৰ হিচাব পৰীক্ষা কৰা আৰু অনুমোদন কৰা।
খ। সময়ে সময়ে আঞ্চলিক পঞ্চায়তৰ কাম-কাজৰ পুনৰীক্ষণ কৰা।
গ। প্ৰয়োজন সাপেক্ষে আঞ্চলিক পঞ্চায়তক নিৰ্দেশনা দিয়া অথবা সহায় কৰা।
ঘ। আঞ্চলিক পঞ্চায়তবোৰৰ ক্ৰিয়াৰ সমন্বয় সাধন কৰা।
ঙ। ভিন ভিন আঞ্চলিক পঞ্চায়তবোৰক মূলধন আৰু অৰ্থ মঞ্জুৰি নিৰ্ধাৰণ আৰু বিতৰণ কৰাত চৰকাৰক পৰামৰ্শ দিয়া।
চ। জিলা গ্ৰাম্য বিকাশ নিধি বিতৰণৰ ক্ষেত্ৰত জিলাধিপতি অথবা মহকুমাধিপতি সকলক উপদেশ দিয়া।
ছ। ৰাজ্যিক চৰকাৰে উল্লেখ কৰা মতে আন আন বিষয়ৰ ক্ষেত্ৰত উপদেশ দিয়া।
■আইন কেইখনৰ এটি সমীক্ষাঃ
অসমৰ পঞ্চায়তী ৰাজ আইন কেইখনে প্ৰাথমিক শিক্ষা সম্বন্ধে লোৱা ভূমিকাৰ সমীক্ষা স্বৰূপে নিম্নলিখিত কথা কেইটাৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।
(১) আইন কেইখনৰ প্ৰাথমিক শিক্ষা সম্বন্ধীয় পৰামৰ্শাৱলী অত্যন্ত সাধাৰণ বিধৰ, য’ত কোনো নতুনত্ব দেখা পোৱা নাযায়।
(২) আইন কেইখনৰ পৰামৰ্শাৱলীত অধিকভাৱে প্ৰশাসনীয় আৰু আৰ্থিক ব্যৱস্থাৰ ওপৰতেই গুৰুত্ব আৰোপ কৰা দেখা যায়।
(৩) ১৯৬৪-৬৬ চনৰ কোঠাৰি আয়োগে আগবঢ়োৱা পৰামৰ্শক্ৰমে গ্ৰাম্য প্ৰাথমিক শিক্ষা কেন্দ্ৰসমূহক সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ স্বৰূপে গঢ় দি তোলাৰ কোনো আঁচনি আৰু উদ্দেশ্য ইয়াত দেখা পোৱা নাযায়।
(৪) গ্ৰাম্য শিশুৰ প্ৰাথমিক শিক্ষাতকৈ প্ৰাপ্তবয়স্কসকলৰ শিক্ষা আৰু সাংস্কৃতিক বিকাশৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা যায়।
(৫) পঞ্চায়তী ৰাজ আইন কেইখনে প্ৰশাসন কৰ্তৃপক্ষক কেতিয়াবা দুই তৰপীয়া আৰু কেতিয়াবা তিনি তৰপীয়া কৰি এক খেলিমেলিৰ সৃষ্টি কৰাহে দেখা যায়।
(৬) অৱশ্যে এই আইন কেইখনে বিভিন্ন পৰ্যায়ৰ শিক্ষা কৰ্তৃপক্ষৰ মাজত সমন্বয় সাধনৰ চেষ্টা কৰা দেখা যায়||
©[ তথ্যঃ সংগ্ৰহ আৰু মোৰ দ্বাৰা সম্পাদিত ।©সুৰেশ বৰা●]
Comments
Post a Comment