মে-ডাম-মে-ফি ( ৩১ জানুৱাৰী )
মে-ডাম-মে-ফীঃ ইতিহাস ,উদ্দেশ্য আৰু পৰম্পৰা●
টাই-আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা ৷ এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়৷ মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ডাম মানে মৃতক আৰু ফী মানে হ’ল দেও বা দেৱতা ৷ অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফী পালনৰ বাবেও এখন পূজাবিধি আছে যাক আহোম ভাষা বা টাই ভাষাত খেক্-লাই বুলি জনা যায় ।
প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে । বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘ফী’ক উপাসনা কৰে৷ এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়৷ এই পূজা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত৷ ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পূজা আয়োজন কৰে ৷ ঘৰুৱাভাৱে আয়োজিত এই পূজাৰ স্থান ৰান্ধনিঘৰৰ দাম খুটাৰ কাষত বাচনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয় ।
●তাৎপৰ্য্যঃ
টাই-আহোমসকলৰ এইটো এটা জন বিশ্বাস যে, পূৰ্ব্ব পুৰুষসকলে মৃত্যুৰ পিছত ’ডাম-ফী’ মানে দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি-পৰিনাতি-জীয়ৰী-বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। টাই-আহোমসকলে আত্মাৰ পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে মৃতকৰ আত্মাই মাথোন কিছুদিনৰ বাবেহে ভ্ৰমি ফুৰিবলগীয়া হয়, উত্তৰ-পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁলোক ’ফি’ বা দেৱতাৰ শাৰীলৈ উন্নীত হয়। ঘৰত বিয়া-বাৰু পতাৰ সময়ত, বিহু আদি উত্সৱত আৰু খেতি চপাই ন-খাওঁতে টাই-আহোমসকলে পূৰ্ব্ব পুৰুষসকলক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ পূজা কৰে। ঘৰুৱাকৈ পতা এনে পূজাক ‘মৃতকক দিয়া পূজা ’ বুলি কোৱা হয়। এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ-মঙহৰে ৰন্ধা ভাত, পায়স, মিঠাই আৰু সাঁজ উসৰ্গা কৰা হয় । ‘মৃতকক দিয়াত’ জীৱিত পৰিয়ালটোৱে পূৰ্ব্ব পুৰুষৰ আশীৰ্ব্বাদ বিচাৰে। মৃতক সকলৰ জৰিয়তে দেৱ-দেৱতা আৰু পৰমেশ্বৰলৈও প্ৰাৰ্থনা জনোৱা হয়। টাই-আহোমসকলে বিশ্বাস কৰে যে, দেৱ-দেৱতাসকলক পূৰ্ব্ব পুৰুষৰ যোগেদিহে পাব পৰা যায়। প্ৰয়াত পূৰ্ব্ব পুৰুষৰ আত্মাই গৃহ-দেৱতাৰ ৰূপত পৰিয়ালৰ জীৱিত সদস্যসকলক সুৰক্ষা প্ৰদান কৰে। মৃতকক কৰা পূজাৰ সন্দৰ্ভত এইদৰে কোৱা হয়’ গৃহ-দেৱ্তাই ৰক্ষা নকৰিলে, ঘৰৰ বেৰবোৰে বা ছালখনে মানুহক ৰক্ষা কৰিব নোৱাৰে। মৃতকসকলে ৰক্ষা কৰিলে সাপেও নাকামোৰে, বাঘেও নাখায়, আনকি যমেও নিবলৈ ভয় খায়।
°
মৃতকসকলক কেবাবিধ দেৱতাত ভগোৱা হয়। এইবিলাক হ’ল- ঘাই ডাম, চি-ৰেণ-ডাম, জাকৰুৱা ডাম, ন ডাম।
°
ঘাই ডামঃ-- ঘাই মানে মূল আৰু ডাম মানে মৃতক, সেই অৰ্থত ঘাই ডাম মনে হ’ল ঘৰখনৰ আজু-ককা-আইতাসকল।
চি-ৰেণ-ডামঃ-- চি মানে চাৰি আৰু ৰেণ মানে ঘৰ। গতিকে চি-ৰেণ-ডাম মানে হ’ল জীৱিত পৰিয়ালটোৰ চাৰি পুৰুষ হৈ যোৱা আজু-ককা-আইতাসকল।
জাকৰুৱা ডামঃ--- পুত্ৰ সন্তান নথকা মৃতক, সৰুতে ঢুকুৱা, বিয়া নকৰাকৈ ঢুকুৱা আৰু দৈহিক বা মানসিক বিকলাঙ্গতা লৈ ঢুকুৱাসকলৰ জাকৰুৱা ডাম বুলি কোৱা হয়।
ন ডামঃ-- অলপতে ঢুকুৱা পৰিয়ালৰ মূল মানুহজন বা তেওঁৰ পৰিবাৰ বা তেওঁৰ পিতা-মাতাক ন ডাম বুলি কোৱা হয় ।
°
জাকৰুৱা ডামক বাদ দি বাকীসকলক "গৃহ ডাম " বুলি কোৱা হয়।' মে-ডাম-মে-ফী’ত চাওফী (পূৰ্ব্ব-পুৰুষসকল) আৰু ' ডাম চাও-ফী’সকলক পূজা কৰা হয় ৷
এইসকল হ’লঃ---
খাও খাম,আই লেংদিন,জা চিং ফা,জান-চাই-হাং,লেংদন,চিট-লাম-চাম,মুট-কাম টাই-কুম,ডাম চাও ফী বা চাও ফী ডাম (তেৰ পুৰুষৰ আগৰ ককা-আইতাসকল),ৰা-খিম,বা-খিন।
°
সেইদিনাখন গৃহ-ডাম আৰু চাংফীসকলক পূজা কৰা নহয় কাৰণ তেওঁলোক মৰ্ত্ত্যৰ দেৱতা। তেওঁলোকৰ পূজা কাতি মাহত আহুধান চপাওতে, আঘোন মাহৰ শালিধান চপাওঁতে আৰু বিহু আদি উৎসৱতহে কৰা হয়।’মে-ডাম-মে-ফী’ত পূজাৰ ধৰ্মীয় কামখিনি দেওধাই, বাইলুং আৰু মহন আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। এই পূজাত ফ্ৰালুং আৰু বানফী আদি টাই পুথিৰপৰা মন্ত্ৰ পাঠ কৰা হয়। পূজা কৰিবলৈ ‘মে-ডাম-মে-ফী’ উদযাপন কৰা স্থানত খেৰ আৰু বাঁহেৰে এটা আঠ-কোণীয়া প্ৰাৰ্থনা-ঘৰ বনোৱা হয়।
সাধাৰণতে তিনি প্ৰকাৰৰ ’মে-ডাম-মে-ফী’ উদযাপন কৰা দেখা যায়।
ৰজা, দেশ আৰু প্ৰজাৰ বাবে ৰাজহুৱা উত্সিৱৰ ৰূপত, ঘৰুৱা ভাৱে বাঁহৰ চাং সাজি পাঁচখন মাইহাং দি আৰু ঘৰুৱা ভাবে তিনিখন মাইহাং দি।
খাও-খামক মজিয়াৰ ওপৰত মাইহাং দি আৰু আই লেংদিন, লেংদন, লাং কুৰি আৰু জান-চাই-হাঙক চাঙৰ ওপৰত ৰখা মাইহাঙত পূজা আগবঢ়োৱা হয়। পূজাৰ বেদীত আহোমৰ পবিত্ৰ ধৰ্ম-পুথি ’পাক-পেন-কাকা’ স্থাপন কৰা হয় ।
°
●ঐতিহ্যঃ
চুকাফাই অসমলৈ অহাৰ পথত ঈৰাৱতী নৈ পাৰ হৈয়েই ’মে-ডাম-মে-ফী’ উদযাপন কৰিছিল। নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন প্ৰৱৰ্ত্তন কৰিবলৈ পূৰ্ব্ব পুৰুষ, লেংদন আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপত বুঢ়ী দিহিঙৰ পাৰত তেওঁ আকৌ ’মে-ডাম-মে-ফী’ পাতিছিল। এইখন পূজাৰ পিছত তেওঁ চৰাইদেইৰ নামনি ভাগত লাঙটেওকাটত ’মে-ডাম-মে-ফী’ পাতে। চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্ব্ব-পুৰুষ আৰু দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি স্বৰ্গদেৱে ’মে-ডাম-মে-ফী’ পাতিছিল ।
°
সেইদৰে পিছৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত ’মে-ডাম-মে-ফী’ পাতিছিল। চ্যুহুং-মুঙে (দিহীঙ্গীয়া ৰজাই) (শাসন কাল ১৪৯৭-১৫৩৯) চুতীয়া আৰুকছাৰীসকলক পৰাজয় কৰাৰ পিছত ৰাজ্যজুৰি ’মে-ডাম-মে-ফী’ আৰু ৰিখন উত্সৱ পাতিছিল। চুখামফা(খোৰাৰজাই) কোঁচসকলৰ লগত সন্ধি স্থাপন হোৱাৰ লগে লগে মে-ডাম-মে-ফী পাতিছিল। কছাৰীসকল আৰু মোগলক পৰাস্ত কৰি চ্যু-ক্লে-মুঙ (গড়-গঙা ৰজা) (১৫৩৯-১৫৫২) স্বৰ্গদেৱেও মে-ডাম-মে-ফী উদযাপন কৰিছিল। চ্যু-চেংফা (প্ৰতাপ সিংহ) (১৬০৩-১৬৪১) কছাৰী দমনৰ বাবে আৰু মোগলৰ লগত যুঁজ দিয়াৰ আগতে আৰু যুদ্ধত জিকি উলহ-মালহেৰে এই ধৰ্মীয় উত্সদৱ তিনিবাৰকৈ পালন কৰিছিল ।
°
হিন্দু ধৰ্মক অধিক প্ৰাধান্যতা দি স্বৰ্গদেউ চ্যু-টাম-লা(জয়ধ্বজ সিংহ)ই মে-ডাম-মে-ফী পতা নাছিল। ফলত দেশখন সেইবাৰ মিৰজুমলাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। জয়ধ্বজ সিংহই অতি দুখ মনেৰে আতন বুঢ়াগোঁহাইক কৈছিল, ’বুঢ়াগোঁহাইদেউ, দেৱতাসকলে মোৰ লগ এৰিলে।’ আতন বুঢ়াগোঁহাইয়ে জয়ধ্বজ সিংহক সান্তনা দি ক’লে, ’স্বৰ্গদেউ, দুখ নকৰিব। জয় আৰু পৰাজয় একেটা টকাৰে ইফাল আৰু সিফাল। যেতিয়া দেৱতাসকল আমাৰ প্ৰতি সদয় হ’ব, দেতিয়া স্বৰ্গদেৱে নিজ প্ৰৰাক্ৰমেৰে বিদেশী শত্ৰুক পৰাভূত কৰিব পাৰিব।’ ইয়াতে আতন বুঢ়াগোঁহাইয়ে ’মে-ডাম-মে-ফী’ উদযাপন কৰাৰ কথাকেই পৰোক্ষভাৱে ইঙ্গিত দিছিল। জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ, চ্যু-পুং-মুং (চক্ৰধ্বজ সিংহ) শাসন ভাৰ লৈয়েই মে-ডাম-মে-ফী পাতিবলৈ থিৰ কৰি মন্ত্ৰী পৰিষদৰ উপদেশ বিচাৰিলে ’মোৰ ককাইদেৱে পূৰ্ব্ব-পুৰুষক কোনো পূজা-অৰ্চনা নকৰিলে। সেইবাবেই মুছলমানবোৰে আহি দেশখন বিধ্বংসিত কৰিলে। কাঁড়ী আৰু হাজুৱাবোৰক লণ্ড ভণ্ড কৰিলে আৰু দেশৰ প্ৰজাই জীয়াতু ভূগিলে। বহু মানুহ গোটাব লাগে আৰু পূজা-ভাগ আগবঢ়াব লাগে মই আপোনালোকৰ মতামত জানিব বিচাৰোঁ।’ বুঢ়াগোঁহাইয়ে ক’লে, ’আগৰ দিনত স্বৰ্গদেউৰ পূৰ্ব্ব-পুৰুষসকলেতো দূৰ্য্যোগৰ সময়ত তাকেই কৰিছিল।’ ইয়াৰ পিছত চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে অতি ধুম ধামেৰে চৰাইদেউত মে-ডাম-মে-ফী পাতে আৰু তাৰ পিছতে মোগলৰ লগত শৰাইঘাটত কৰা যুদ্ধত জয় লাভ কৰে। এইদৰে আহোমৰ শেষৰজন স্বৰ্গ্দেউৰ দিনলৈকে ৰাজঘৰীয়া ’মে-ডাম-মে-ফী’ উদযাপিত হৈ আহিছিল ।৷
[ সহায়লৈ/সংগ্ৰহ আৰু সম্পাদনা-©সুৰেশ● ]
অন্য এক ●সংযোজনঃ
দেশ আৰু জাতিৰ শ্ৰীবৃদ্ধি তথা মংগলৰ হকে উপৰি পুৰুষৰ জন্মিং(আশীৰ্বাদ)বিচাৰি কৰা পূজা "মে-ডাম-মে-ফি" ক
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱেই শ্বীকৃতি দি অন্য এক যি সুকীয়া মৰ্য্যদা প্ৰদৰ্শন কৰি গ'ল তাৰ বাবে আমি চিৰকৃতজ্ঞ।
উল্লেখযোগ্য যে, তাৰ আগত এই পৰম্পৰা
আহোমসকলে ব্যক্তিগত ভাৱেহে পালন কৰি আহিছিল, ইয়াৰোপৰি আহোমৰ অন্য ধৰ্মীয় পৰম্পৰাও দেশ তথা জাতিৰ উন্নতিৰ হকে পূজা কৰা অন্য এক উল্লেখযোগ্য দিশ য'ত দেশ তথা জাতিৰ উন্নতিৰ বাবেই উপৰি পুৰুষৰ পৰা আশীষ বিচাৰিহে কৰা হয়,আহোম পৰম্পৰাগত বিৱাহ পদ্ধতি চকলং প্ৰথাটো আহোম পুৰুহিতে দৰাজনক দেশৰ দুৰ্য্যোগৰ সময়ত হেংদাং তুলি ল'বলৈ শপত গ্ৰহন কৰোৱা অন্য এক উদাহৰণ ৷
এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে "মে-ডাম-মে-ফি" মানেই মদ,সাজ বা গাহৰি নহয়, ইয়াক দুষ্টচক্ৰৰদ্বাৰা বিকৃত কৰাটো অতি দুৰ্ভাগ্যজনক! এই পৰম্পৰাৰ প্ৰকৃত মৰ্ম উপলব্ধি কৰিব নোৱাৰাটো দুখজনক!
আহক,আমি সকলো মিলি এই পৱিত্ৰ অনুষ্ঠানৰ যোগেৰে উপৰিপুৰুষৰ ওচৰত বৰ্তমানৰ দেশ তথা জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ উঠা পৰিস্থিতিৰ অৱসান ঘটাৰ অৰ্থে আজি "মে-ডাম-মে-মে-ফি"ৰ প্ৰাকমূহুৰ্তত ফুৰাৰ ওচৰত জন্মিং বিচাৰো...
"চাও নুৰু চাও কাও ঐ,🙏
চাও নুৰু চাও কাও ঐ,🙏
চাও নুৰু চাও কাও ঐ"🙏
( ভুল দেখিলে শুধৰাই দিব বুলি আশা কৰিছোঁ।)
Comments
Post a Comment