বিষয় বিহু...খণ্ড --০২ আৰু --০৩
বিষয়ঃ বিহু __ ( খণ্ড- ০২ )
..... তিৱাসকলেও ব'হাগৰ পহিলা বুধবাৰে বিহু পাতে । ইয়াক " বিচু " বোলে । নামনি অঞ্চলৰ তিৱাসকলে ব'হাগৰ শেষৰ ফালে বিহু পাতে । সমূহীয়া নৃত্য -গীতৰ মাজেৰে " ছগ্ৰা -মি- ছৱা " উৎসৱ পাতে । প্ৰধান উপাস্য দেৱতা ফা -মহা দেউক উদ্দেশ্যি সাতটা নৃত্য কৰে ।
.
ডিমাচাসকলে " বুচু খাক " বা " বিষু বিহু " উৎসৱ পাতে । গাঁৱৰ ৰাইজে নদাং বা ডেকাচাঙত লগ হৈ বিহু পাতিবলৈ দিন ঠিক কৰে । বিষু দুই ধৰণে পাতে । " চৰেম বিহু " আৰু " হাং দেউ সানাওৱা " । ৫ বা ৩ দিনৰ বিষুক চৰেম আৰু ৭ দিনিয়া হ'লে হাং দেউ সানাওৱা বোলে ।
.
সোণোৱাল - কছাৰী সকলেও চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা ব'হাগ বিহু পাতে । সোণোৱাল- কছাৰী সকলৰ বিহুত বাঁহৰ টকাতো অতি গুৰুত্বপূৰ্ণ বাদ্য । ( উল্লেখ্য যে, বিহুত ব্যৱহাৰ কৰা বাঁহৰ টকাটি সোণোৱাল সকলৰে অমূল্য দান ।) বিহুৰ হিলালী, হাইদাং গীত অতি সুমধুৰ । বিহুৰ হুঁচৰিও বাঁহৰ টকাৰে গায় ।
.
টাই ফাকেসকলে " পইচাংকেন " উৎসৱ চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ কৰে ।তাৰ 2 - ৩দিনৰ আগৰে পৰাই বৌদ্ধ কলা- কৃষ্টিৰ আৰ্হিত " ক্যংফ্ৰা " ঘৰ সাজে । ব'হাগৰ এক তাৰিখে ৰাইজে ক্যংফ্ৰাৰ ওপৰত বন্তি জ্বলাই পূজা কৰি নতুন বৰ্ষৰ বাবে মংগল কামনাৰে প্ৰাৰ্থনা কৰে ।।
( খণ্ডঃ --০৩ )
---- চাহজনগোষ্ঠীয়সকলে বছৰটো মংগল হোৱাৰ আশাৰে " চাৰুল পৰৱ " চ'তৰ পঞ্চমী তিথিৰ পৰা নৱমী তিথিলৈ পালন কৰে । ইয়াত নবিধ শাক একেলগে খায় । ঘৰে - ঘৰে নৃত্য , গীত খাই গৃহস্থক বছৰৰ বাবে আশীৰ্বাদ দিয়ে । এই পৰৱটোক মুণ্ডা খাড়িয়াসকলে " বাতছাৱলী " , মুণ্ডাৰীসকলে " গেছেগড় " , কুৰ্মীসকলে " ৰূপবাৰেখ " আৰু গড়সকলে " গ্ৰেডা নাচ " বুলি কয় ।
...
অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নক্টে , টাংছাসকলে বিহুক " লুকু " বোলে । নক্টেসকলৰ লুকু পাঁচটা । লুকুকেইটা খেতি আৰম্ভ আৰু চপোৱাৰ লগত সম্পৰ্ক ৰাখি কৰে । মন্ পা , চেৰডুকপেন বৌদ্ধ জনজাতিসকলে বসন্ত কালৰ বুদ্ধ পূৰ্ণিমাত ব'হাগ বিহুৰ দৰে " মপিন " উৎসৱ পাতে । ভৈয়ামত বাসকৰা বৌদ্ধসকলে " পয়চাংকেন " নামেৰে বসন্ত উৎসৱ পাতি ভগৱান বুদ্ধক পূজা কৰে । পিতৃ - মাতৃ , গুৰুক গা ধুৱাই আৰু ল'ৰা - ছোৱালী লগ হৈ সকলোৱে " পানী বিহু " উদ্ যাপন কৰে ।
-
কৃষিজীৱি দেউৰীসকলে চ'তৰ সংক্ৰান্তিত বিহু পালন নকৰে । তেওঁলোকৰ ব'হাগীয় " বিচু " প্ৰধান উৎসৱ । ব'হাগৰ প্ৰথম বুধবাৰৰ পৰাহে আৰম্ভ কৰে নতুবা সপ্তাহৰ ভিতৰত বুধবাৰ নপৰিলে পিচৰ বুধবাৰৰ পৰাহে বিহু পাতে ।কাৰণ দেউৰীসকলৰ মতে বুধবাৰটো ৰাইজৰ বাবে মঙ্গলময় আৰু পবিত্ৰ দিন ।উপাস্য দেৱতা হৰ - গৌৰীক পূজা দিয়ে । দেওশালৰ পূজাৰ পাছত বিচু পূজাৰ সামৰণি মাৰে ।৷©সুৰেশ■
__সমাপ্ত__
Comments
Post a Comment