বিষয়ঃ বিহু ...( প্ৰথম খণ্ড )
** বিশেষ একলম **
বিষয়ঃ বিহু ...( প্ৰথম খণ্ড )
_____©সুৰেশ
ব'হাগ বিহুৰ বতৰ । যদিও সাত বিহুত বিহু চেৰা হয় বা বিহুক উৰুৱাই দিয়া হয় তথাপি এই গোটেই মাহটো অসমীয়াৰ বাবে বিহুৰ মাহ । অসমৰ স্থান আৰু সম্প্ৰদায় ভেদে ব'হাগ বিহুৰ নাম আৰু পাৰ্থক্য আছে ।
- গাৰোসকলে ব'হাগ বিহুক " উৱানগালা " আৰু " ৰংচোগালা " নামৰ কৃষিমূলক নৃত্যৰে পালন কৰে ।
.
পুৰণি গোৱালপাৰাত বিহুক " বিষুৱা " বুলি কয় । গৰু বিহুৰ দিনা পূজা - পাৰ্বণ কৰি সাত দিন ধৰি বিষুৱা উৎসৱ পালন কৰে । . ৰাভাসকলে বিহুক " বৈশাখ দোমাহী " নামেৰে পালন কৰে ।
.
মৰাণসকলে ব'হাগৰ বিশেষ বুধবাৰে বিহু উৎসৱ পালন কৰে । প্ৰতি বছৰে হুঁচৰি নাপাতি তিনি -চাৰি বছৰৰ মূৰে - মূৰে স্থিৰ কৰা এটা নিৰ্দিষ্ট দিনত বিহু হুঁচৰি পাতে ।
.
মণিপুৰীসকলে " চইৰওৱা " নৃত্য - গীতেৰে বসন্ত উৎসৱ পালন কৰে ।
.
নগাসকলৰ " চিচো " হ'ল বসন্ত উৎসৱ । কৃষিধৰ্মী এই উৎসৱত নগাসকলে গীত - নৃত্যৰে এই উৎসৱ পালন কৰে ।
.
মিজোসকলে " ছাৱছাৰকুট " উৰুলিকৃত নৃত্যপ্ৰধান বসন্ত উৎসৱটো ব'হাগ বিহুতে পালন কৰে ।
.
ত্ৰিপুৰীসকলে বসন্ত উৎসৱক " গৰিয়া পূজা " নামেৰে নামকৰণ কৰি বিহুৰ সাত দিনৰ শেষৰ দিনা নৃত্য - গীতেৰে উদ্ যাপন কৰে ।
.
বড়ো - কছাৰীসকলে ব'হাগ বিহুক " বৈচাগু " বোলে । বৈচাগু মেথায় নামৰ গীত গায় । বাথৌ মহাদেৱ আৰু কামাখ্যা দেৱীক পূজা কৰে ।৷ ●ক্ৰমশঃ
Comments
Post a Comment