Posts

Showing posts from August, 2017

নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ

নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ        অসমৰ কৃষিজীৱি সমাজ ভিন্ন উৎসৱমুখৰ । এই উৎসৱ সমূহৰ মাজতে ঈশ্বৰ চিন্তাও থাকে । এতিয়া ধান খেতি ৰুই সমাপ্ত কৰাৰ সময় । এই খেতি সমাপ্ত ...

কথ্য - অকথ্য

নেতাজীৰ মন্ত্ৰ "জয় হিন্দ" আজি সমগ্ৰ ভাৰতত উচ্চাৰণ হ'ল । তাকো চৰকাৰী পক্ষৰ মুখত...। কিন্তু নেতাজীৰ মৃত্যু ৰহস্যৰ বিষয়ত দিয়া গোচৰ আজিলৈকে মীমাংসা নহ'ল । এতিয়া তেওঁৰ মন্ত্ৰকেই বছৰৰ দুটা দিনত নেতাৰ মুখে- মুখে ওলায় । ( দেশৰ ৰাষ্ট্ৰীয় সংগীতত অসম আৰু ব্ৰহ্মপুত্ৰৰ নাম আছিল ।কিন্তু সেয়া মচি উঠাই দিয়া হ'ল । )-- এই বিতৰ্কও মাজে - মাজে শুনিবলৈ পোৱা হয় । নাপাহৰিব । এনেকুৱা এটা দিনতে এজাক নৰপিশাচে ধেমাজিত কাঢ়ি নিছিল কেইবাটিও ফুলকুমলীয়া জীৱন । আজি উত্তোলিত নতুন ত্ৰিৰংগা কাইলৈ অৰ্ধনৰ্মিত থাকিব । অসমে পালন কৰিব কাইলৈ শোক দিৱস । নাপাহৰিব । আমি স্বাধীন...!